প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীৰ পাটগাঁৱত তিনি পূৰ্বে এটি এমহীয়া হাতী পোৱালি উদ্ধাৰ হোৱাৰ পিছতে শনিবাৰে মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত ৰেলৰ খুন্দাত দুটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত৷ ৰাজ্যত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে শনিবাৰ নিশা প্ৰায় ২ বজাত গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত অৱধ আছাম এক্সপ্ৰেছৰ খুন্দাত হাতী দুটাৰ মৃত্যু হয়৷ জানিব পৰা মতে, খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা বৃহৎ হাতীৰ জাক ওলাই আহি চন্দ্ৰপুৰৰ জনবসতি এলেকাত বিচৰণ কৰে৷

যোৱা ২৪ ঘন্টা ধৰি হাতীৰ জাকটোৱে বিচৰণ কৰাত আতংকিত হৈ পৰে ৰাইজ৷ নিশা প্ৰায় ২ বজাত হাতীৰ জাকটোৱে ৰেল পথ পাৰ হোৱাৰ  সময়তে ঠাকুৰকুছি ষ্টেছনৰ সমীপত এই ঘটনা সংঘটিত হয়৷ 

পাহাৰ-জংঘলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰাজ্যত আজিও অব্যাহত আছে৷ যাৰ ফলত মানুহৰ খেতি-বাতি, ঘৰ-বৰ নষ্ট কৰাৰ লগতে বহু মানুহক হত্যা পৰ্যন্ত কৰি আহিছে হাতীয়ে৷ আনহাতে মানুহৰ হাততো হাতীৰ প্ৰাণ গৈছে৷

যোৱা ৭ দিনত ৰাজ্যত এটি হাতী পোৱালী উদ্ধাৰৰ লগতে প্ৰায় ৯টা হাতীৰ মৃত্যু হয়৷ যোৱা বৃহস্পতিবাৰে গোৱালপাৰাৰ পুৱা ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ খেতিপথাৰত মাইকী হাতীৰ মৃত্যু হয়৷ শোণিতপুৰ জিলাতো এটি বনৰীয়া হাতীৰ মৃত্যু হয়৷ নগাঁও জিলাৰ চামগুৰিৰ কাজিৰঙাত নিশা আন এটি বন্যহস্তীৰ মৃত্যু হয়৷ চামগুৰিৰ কাজিৰঙাত প্ৰায় ১৫ দিন পূৰ্বে এটি হাতীৰ মৃত্যু হৈছিল যদিও বৃহস্পতিবাৰে পূঁৱা চাহ বাগানৰ মাজত উদ্ধাৰ হয় এটা হাতীৰ মৃতদেহ।

হাতীৰ জাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত হাতীটো মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰে ৰাইজে। কিন্তু এই সমস্যা সমাধানৰ বাবে কোনো পৰিকল্পনা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৰাজ্যৰ বিয়াগোম বন বিভাগৰ বিৰুদ্ধে। পৰিকল্পনাটো দূৰৰ কথা হাতী খেদাৰ কায়দাও বন বিভাগৰ লোকে নাজানে বুলি কয় ৰাইজে। ৰাজ্যত এটাৰ পিছত আনটো বন্য হস্তীৰ মৃত্যুৱে ৰাজ্যৰ বিয়াগোম বিভাগটোৰ স্বৰূপ উদঙাই দিয়ে। ৬ দিন পূৰ্বে শিৱসগাৰ জিলাৰ হালোৱাটিঙত বিদ্যুৎস্পৃষ্ট হৈ দুটি হাতীৰ মৃত্যু হৈছিল৷