
খেৰণিঃ ২৭ জুলাইৰ পুৱাই হলিনছন ইংলেং (২৫) আৰু মনিকা চিংথংপিয়ে (২০) নামৰ এহাল নৱ বিবাহিত দম্পতীৰ প্ৰাণ কাঢ়িছিল পথত পৰি থকা বিদ্যুতৰ তাঁৰে।
পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেং থানাৰ অন্তৰ্গত উমখ্ৰেমিত সংঘটিত এই ঘটনাই জিলাখনত তীব্ৰ সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ পুৱাই ঝুম খেতি চাবলৈ আহি গড়কাপ্তানি পথত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুয়োৰে অকাল মৃত্যু হৈছিল৷
তাৰ পাছতো যেন বিদ্যুৎ বিভাগে শিক্ষা লোৱা নাই৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিভাগটোৰ কৰ্মচাৰীয়ে নৱ বিবাহিত দম্পতীৰ মৃত্যুৰ পাছতো সজাগ নোহোৱাৰ ফলত এইবাৰ এটি বনৰীয়া হাতী মৃত্যুমুখত পৰে৷ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম বনাঞ্চলিক কাৰ্যালয়ৰ বিথুং গাৰো গাঁৱত সংঘটিত হয় এই ঘটনা৷
হাতেৰে চুব পৰাকৈ তথা মাটিৰ পৰা ১০-১২ ফুট ওপৰেৰে টানি নিয়া উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় বনৰীয়া হাতীটোৰ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীটোৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয় মৰাপাঁট খেতিৰ মাজত৷
বন বিভাগ তথা বিদ্যুৎ বিভাগৰ কোনো লোক প্ৰায় দিনৰ ১২ বজালৈ হাতীটোৰ মৃতদেহৰ ওচৰত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে ৰাইজ৷ হাতীটোৰ দাঁত দুটাও ভাঙি নিয়ে কোনো লোকে৷