
newsnextone.com | গোৰেশ্বৰ/তামুলপুৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাগ্ৰীজুলি বন সংমণ্ডলৰ অন্তৰ্গত গইবাৰীত শনিবাৰে নিশা এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। বন বিভাগৰ মতে, প্ৰায় ১২ বছৰ বয়সৰ হাতীটো প্ৰায় ৭-৮ ফুট উচ্চতাৰ আছিল। হাতীটোৰ মৃত্যুৰ খবৰ লাভ কৰাত নাগ্ৰীজুলি আৰক্ষী, এচএচবিৰ নাগ্ৰীজুলি কেম্প, গোৰেশ্বৰ খণ্ড বন বিষয়া এম ৰহমান, ঢেঁকীপোতা বন বিভাগৰ কৰ্মচাৰী উপস্থিত হয়।
স্থানীয় ৰাইজে জনোৱা মতে, হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোত একাংশ লোকে বাঁহৰ খুঁটাত বিদ্যুত সংযোগ কৰি ৰাখে। স্থানীয় লোকে সন্দেহ কৰা মতে বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৱে মৃত্যু মুখত পৰে।
উল্লেখ্য যে, বিগত এসপ্তাহ ধৰি ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ বন সংমণ্ডলৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটাই অঞ্চলটোৰ লোকৰ নিদ্ৰাহৰণ কৰিছে। যোৱা ৫-৬ জুলাইত হাতীৰ জাকটোৱে দুটা দলত বিভক্ত হৈ ২নং ডোঙাৰ গাঁৱৰ গগণ চ'কত প্ৰৱেশ কৰি নাগ্ৰীজুলি চাহ বাগানৰ ৬নং শ্ৰমিক লাইনৰ বিৰছী মুণ্ডা, ৮নং শ্ৰমিক লাইনৰ অপূৰ্ব, অমৃত বাগ, আলবিছ আৰু দিল কুমাৰৰ ঘৰ ভাঙি-ছিঙি বিস্তৰ ক্ষতিসাধন কৰে৷
হাতীৰ আন এটা জাকে একেটা দিনতে ২নং ডোঙ্গাৰ গাঁৱৰ গগণ চ'কত প্ৰৱেশ কৰি সন্তোষ ৰয়, বৈষ্ণৱ ৰয়ৰ দোকান ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰি উত্তম বিশ্বাস আৰু গুদুম মুণ্ডাৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে।