বিহালীঃ বন বিভাগৰ গাফিলতিৰ বাবে বিহালী বনাঞ্চলৰ শিয়ালমাৰিত এটা বনৰীয়া হাতীয়ে সাৱটি লবলগীয়া হয় কৰুণ মৃত্যুক। বুলেডজাৰেদি মৃত হাতীটোক গাতত পুতি দায়িত্ব সামৰিলে বন বিভাগে।

যি সময়ত বন বিভাগে বিহালী বনাঞ্চলৰ শতবৰ্ষ উদযাপন কৰাৰ নামত বিভিন্ন ঠাইত সভা-সমিতি পাতি এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে, সেই সময়তেই বিহালী বনাঞ্চলৰ শিয়ালমাৰিত এটা হাতীয়ে বন বিভাগৰ গাফিলতিৰ বাবে সাৱটি লবলগীয়া হয় কৰুণ মৃ্ত্যুক৷

বিহালী বনাঞ্চলৰ পৰা এই বনৰীয়া হাতীটো জাকৰ পৰা বিচ্ছিন্ন হৈ প্ৰবেশ কৰিছল জনাঞ্চলত৷ আঘাতপ্ৰাপ্ত হৈ কেইবাদিন ধৰি বিহালী অঞ্চলত ঘুৰি ফুৰা হাতীটোৰ পুতৌলগা অৱস্থাই দৃষ্টি আকৰ্ষণ কৰিছিল অঞ্চলটোৰ ৰাইজৰ।

স্থানীয় ৰাইজে হাতীটোৰ উপযুক্ত চিকিৎসাৰ দাবী জনাই আহিছিল বন বিভাগক৷ কেৱল বন বিভাগকে নহয়, খোদ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মকো ফোনযোগে স্থানীয় প্ৰকৃতিপ্ৰেমী লোকে হাতীটোৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছিল৷

কিন্তু বন বিভাগ আৰু বনমন্ত্ৰীয়ে আঘাতপ্ৰাপ্ত হাতীটোক চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নললে৷ কেৱল স্থানীয় পশু চিকিৎসলকৰদ্বাৰা গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হাতীটোক সাধাৰণভাৱে চিকিৎসা কৰি দায়িত্ব সামৰিলে বন বিভাগে৷ ফলত এনেদৰে মৃত্যুৰ ওচৰত হাৰ মানিবলগা হ’ল বন্যহস্তীটোৱে।