
কামপুৰঃ হাতীৰ জাক আগে আগে৷ পিছে বন বিভাগ৷ শনিবাৰে পুৱাই এই হাতীৰ জাক থেদি নি থকাৰ এনে দৃশ্য দেখা গ’ল নগাঁও জিলাৰ কন্দলীত৷ বন বিভাগৰ বিৰুদ্ধে সততে হাতীৰ জাক খেদাত বিফল হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে যদিও শনিবাৰে বৃহৎ হাতীৰ জাক জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হয় বন বিভাগ৷
কন্দলী পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাক খেদি পুনৰ বনাঞ্চলত সোমোৱাই থৈ আহে৷ অৱশেষত হাতীৰ জাকক কন্দলী পাহাৰত প্ৰবেশ কৰিলে প্ৰায় ডেৰমাহৰ মূৰকত৷ ৩০০-৪০০ জনীয়া হাতীৰ জাকটোৱে প্ৰায় ডেৰ মাহ পূৰ্বে কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি নগাঁৱৰ বিভিন্ন ঠাইত সন্ত্ৰাস চলাই গৈছিল৷ ঘৰ-দোৱাৰ ভাঙি, খেতি পথাৰ তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰে৷
মানুহৰ নিদ্ৰাহৰণ কৰা হাতীৰ জাকটোক অৱশেষত কন্দলী পাহাৰলৈ খেদি পঠাবলৈ সক্ষম হয় বন বিভাগ৷ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাট। ইফালে বন্যহস্তীৰ সন্ত্ৰাস যেন সাধাৰণ ঘটনা হৈ। নগাঁও জিলাৰ বিভিন্ন স্থানৰ লগতে কন্দলীত প্ৰতিদিনে বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে।
অৱশেষত বন্যহস্তীৰ জাকটো কন্দলী পাহাৰলৈ খেদি পঠাবলৈ সক্ষম হল বন বিভাগ। বিগত ডেৰমাহ ধৰি এটা ৩০০-৪০০ জনীয়া হাতীৰ জাকে অঞ্চলটোৰ বহু লোকৰ ঘৰ বাৰী ভাঙি চুৰমাৰ কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।