শুক্লাইঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে কৃষি পথাৰ অনিষ্ট কৰাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰি আহিছে  ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত৷

ঘৰ-দুৱাৰ, খেতি-পথাৰ, ভঁৰালৰ ধান আদি খাই তহিলং কৰি প্ৰতি নিশাই তাণ্ডৱ চলাই আহিছে ভূটান পাহাৰ আৰু বৰনদী অভয়াৰণ্যৰ পৰা জাকে জাকে নামি অহা বনৰীয়া হাতীয়ে৷ বুধবাৰে নিশাও শুক্লাইৰ উত্তৰ নাওবান্ধা গাঁৱত বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ৮টাকৈ পৰিয়ালৰ ঘৰ ভাঙি পেলায়৷

পঞ্চানন্দ মণ্ডল, পূৰ্ণ দাসী মণ্ডল, দম্বৰ দৰ্জী, কৰ্ণ বাৰাইক, ভইৰা চৰদাৰ, কুমাৰ অধিকাৰী, দিপক খড়েল আৰু বলো মণ্ডলকে ধৰি মুঠ ১৬টা বাসগৃহ ভাঙি লণ্ড কৰে৷ মূল্যৱান গছ-গছনি খাই-ভাঙি তহিলং কৰে বন্যহস্তীয়ে। আনহাতে ভইৰা চৰ্দাৰ কথমপি প্ৰাণ ৰক্ষা পৰে বন্যহস্তীৰ পৰা। এই দৰে প্ৰতি নিশাই বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰি আহিছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ।