চতিয়াঃ বানৰ কবলত পৰি সমগ্ৰ ৰাজ্যৰ জনসাধৰন ককবকাই থকাৰ সমানে সমানে খাদ্যৰ অভাৱত পৰিছে বন্য জীৱ-জন্তু৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কেইবাখনো অভয়াৰণ্য বানৰ কবলত পৰাত জীৱ-জন্তুৱে ওখ ঠাই আৰু খাদ্যৰ অভাৱত পৰি জনাঞ্চলত প্ৰবেশ কৰা দেখা গৈছে৷

ৰবিবাৰে কাজিৰঙাৰ হালধিবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হৈছিল। নানী আশা ওৰাং নামৰ মহিলাগৰাকীক চোতালতেই বন গাহৰিয়ে আক্ৰমণ কৰাত মৃত্যু হয়। আজি পুনৰ বন গাহৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুগৰাকী লোকে৷

বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণ অঞ্চলত বানৰ কবলত পৰি ৰাইজে হাহাকাৰ কৰি থকাৰ সময়তে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ বলি হৈছে।

চতিয়াৰ দক্ষিণ অঞ্চলৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ দাতি কাষৰীয়া গড়পালৰ ৰেণুকা বচনেট (৪৫) আৰু টেৱাৰিপালৰ ইন্দ্ৰবাদুৰ গুৰুং (৫৫) নামৰ দুজন লোকক বনৰীয়া গাহৰিয়ে নিজ ঘৰতে আক্ৰমণ কৰি হত্যা কৰে। জানিব পৰা মতে, নিশা হলেই খাদ্যৰ সন্ধানত জাকে জাকে ওলাই আহে বন গাহৰি৷ খাদ্যৰ সন্ধানত ওলাই অহা গাহৰিৰ মুখামুখি হোৱাত দুয়োগৰাকী লোকক আক্ৰমণ কৰি হত্যা কৰে৷