
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
কাজিৰঙাঃ পুনৰ বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ওখ ঠাইৰ অভাৱত পৰি হাহাকাৰ কৰিব লগা হৈছে কাজিৰঙাৰ বনৰীয়া জীৱ-জন্তুৱে৷ বহু জীৱ-জন্তু খাদ্য তথা ওখ ঠাইৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে৷ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া গাহৰিৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়৷
কাজিৰঙাৰ হালধিবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমণত মহিলাৰ মৃত্যু। জানিব পৰা মতে, আজি পুৱাই লৱংগ চক্ৰৱৰ্তী নামৰ লোকজনৰ ঘৰত খাদ্যৰ সন্ধানত বনৰীয়া গাহৰিয়ে প্ৰবেশ কৰে৷
লৱংগ চক্ৰৱৰ্তীৰ ঘৰত দীৰ্ঘ দিনৰ পৰা বসবাস কৰি অহা নানী আশা ওৰাং নমাৰ মহিলাগৰাকীয়ে পুৱাই ঘৰৰ পাছফালে যোৱাৰ সময়তে গাহৰিয়ে আক্ৰমণ কৰে৷ গুৰুতৰ ভাবে আহত মহিলাগৰাকীৰ আক্ৰণণৰ কিছু সময় পাছতে মৃত্যু হয়৷