ডিব্ৰুগড়ঃ কিতাপৰ গোন্ধে এতিয়া পোখা নেমেলে পুথিভঁৰালত৷ তাৰ সলনি এতিয়া পুথিভঁৰালৰ চৌহদ বেঢ়িছে বিলাতী সুৰাৰ গোন্ধে৷ বিলাতী সুৰাৰ আড্ডাত পৰিণত হৈছে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ৷ আজি জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটোলৈ সাংবাদিক যাওঁতে এনে কিছুমান দৃশ্যই পোহৰলৈ আহিছে৷

পুথিভঁৰাল প্ৰেক্ষাগৃহৰ ভিতৰৰ লগতে বাৰাণ্ডা আৰু চৌহদৰ ভিন্ন স্থানত বিলাতী সুৰা আৰু বিয়েৰ বটল, মদ্যপান কৰিবলৈ ব্যবহাৰ কৰা ডিচপজেবল গিলাচ আদি পৰি থকা দৃশ্যই সুৰাৰ আড্ডাৰ স্পষ্ট প্ৰমাণ কৰিছে। বিশেষকৈ প্ৰেক্ষাগৃহৰ ভিতৰত মদৰ বটল পৰি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটো বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ ব্যৱহাৰ কৰি আহিছে। সাংস্কৃতিক বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সাৰথি স্বৰূপ ডিব্ৰুগড় জিলা পুথিভঁৰাল। এনে এক প্ৰেক্ষাগৃহলৈ কেনেকৈ অসাধু লোকে সুৰাৰ বটল কঢ়িয়াই নিবলৈ সুবিধা পায় তাকলৈ এতিয়া সংস্কৃতিপ্ৰেমী সচেতন মহলৰ মনত প্ৰশ্নৰ উদয় হৈছে৷

ইপিনে জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটোত ২০১০-১১ বৰ্ষতে ১২ টাতকৈও অধিক এয়াৰ কণ্ডিচনাৰ (এ চি) সংস্থাপন কৰিছিল যদিও আজি পৰ্য্যন্ত কাৰ্যকৰী নকৰিলে। বিদ্যুত সংযোগৰ ব্যৱস্থা নকৰাৰ ফলতে যোৱা ৬-৭ বছৰে ফুলদানীৰ দৰে পৰি আছে এই এ চি সমূহ। বৰ্তমান পচিবলৈ ধৰা এ চি সমূহ তেনেকৈ অকাৰ্য্যক্ষম কৰি থৈ ৰাজহুৱা ধনৰ শৰাধ কৰা বুলিও একাংশ সচেতন ৰাইজে ক্ষোভ উজাৰিছে৷