মাৰ্ঘেৰিটাঃ ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ শেহতীয়াকৈ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনে বোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিবৰ সময় আহি পৰিছে৷

কিন্তু এনেবোৰ আঁচনিৰ জড়িয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷

 

এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷ আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷ এই গুণোৎসৱে স্কুল সমূহৰ সৰু সৰু সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷ শিক্ষকক কেমেৰাৰ সন্মুখত খতিয়ান লৈ ঠাট্টা, মস্কৰা কৰা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰিৰ্ৱতনৰ শ্ল’গান দিয়া যদিও প্ৰকৃততে শ্ল’গান সচা বুলি প্ৰমান নহয়। 

চৰকাৰী বিদ্যালয় সমূহত বহু আজিও কেৰোণ আজিও দেখা পোৱা যায়। তেনেই এখন বিদ্যালয় হ’ল তিনিচুকীয়া জিলাৰ লেখাপানীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ উদয়পুৰৰ সৰ্বোদয় হিন্দী প্ৰাথমিক বিদ্যালয়। বিদ্যালয় খন ১৯৮৩ চনতে স্থাপন কৰা হৈছিল যদিও ২০১৩ চনতহে প্ৰাদেশীকৰণ হয়।

বিদ্যালয় খনত আছে 'ক' শ্ৰেণীত ১১ জন ছাত্ৰ-ছাত্ৰী, প্ৰথম শ্ৰেণীত ৭ জন, দ্বিতীয় শ্ৰেণীত ৭ জন, তৃতীয় শ্ৰেণীত ১৬ জন, চতুৰ্থ শ্ৰেণীত ১১ জন আৰু পঞ্চম শ্ৰেণীত ৭ জন। ছাত্ৰ-ছাত্ৰীৰ বহিবলৈ নাই ডেস্ক, বেঞ্চ। গৃহৰ অৱস্থা খুবেই বেয়া।চৌহদৰ দেৱাল, বিশুদ্ধ খোৱাপানী, প্ৰস্ৰাৱগাৰ আদিৰ সুবিধা নাই বিদ্যালয় খনত। 

সৰ্বমুঠ ৫৯ জন ছাত্ৰ-ছাত্ৰীক  শিক্ষক-শিক্ষত্ৰীয়ে একেটা কোঠাতে পাঠ-দান কৰিব লগা হৈছে। বিদ্যালয় খনত দেখা দিয়া অভাৱ অভিযোগক কোনো দিনে চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷ কেৱল বিজ্ঞাপনতে উন্নয়ণ সীমাবদ্ধ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰাম্য অঞ্চলৰ বিদ্যালয় সমূহক গুৰুত্ব দিবলৈ আগ্হান জনায় ৰাইজে৷