মোৰাঝাৰঃ অসমৰ সংখ্যালঘুক লৈ ৰাজনীতি কৰি অহা আজমল পৰিয়াল সঁচাকৈ সংখ্যালঘুৰ ক্ৰাণকৰ্তা নে? সংখ্যালঘুৰ সমস্যাক লৈ তেওঁলোকে মূৰ ঘমাই নে৷ এটুপি খোৱা পানীৰ পৰা দেহ ঢাকিবলৈ বস্ত্ৰ টুকুৰাৰ বাবে সংখ্যালঘুৱে সংগ্ৰাম কৰিব লগা হয়৷ শিক্ষাৰ কথা কলে হয়তো সংখ্যালঘু অঞ্চলত আজিও শতকৰা ১০ গৰাকী শিক্ষিত লোক নোলাব৷ স্বাস্থ্য সেৱাৰ নামত সংখ্যালঘু অঞ্চলত কি হৈ আছে সেয়াও নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

আজিও সংখ্যালঘু অঞ্চলৰ লোকে বেজ, কবিৰাজ আদিৰ কাষ চাপি আহিছে। আনকি খোদ সংখ্যালঘুৰ ক্ৰাণকৰ্তা বুলি দাবী কৰা জনেই বিশাল সভাত ৰাইজক পানী জাৰি দিয়ে৷ ডি-ভোটাৰ, বিদেশী সমস্যা, বান-গৰাখহনীয়া আদি সমস্যাবোৰ আছেই৷

ইয়াৰ লগতে সংখ্যালঘু এলেকাৰ আটাইতকৈ দুখ লগা প্ৰতিচ্ছবি খন হৈছে বাট-পথৰ। বাৰিষাৰ ৬ মাহ সংখ্যালঘু এলেকাৰ লোকে বোকা-পানীৰ মাজেৰে আহ-যাহ কৰিব লগীয়া হয়৷ কোনো ঠাইত কলৰ ভূৰেৰে ৬ মাহ চলিব লগা হয় সংখ্যালঘু এলেকাৰ লোকে৷ সংখ্যালঘু ৰাজনীতিৰ হৰ্তা-কৰ্তা বুলি দম্ভালি মাৰি অহা আজমল পৰিয়ালে এনেবোৰ সমস্যাৰ বাবে উদ্বিগ্ন নে৷

বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমল দুই ভাতৃ লোকসভাৰ সাংসদ হোৱাৰ লগতে বদৰুদ্দিন আজমলৰ পুত্ৰ ৯০নং যমুনামুখ বিধান সভা সমষ্টিৰ বিধায়ক৷

৯০নং যমুনামুখ বিধান সভা সমষ্টিৰ বিধায়ক আজমল তনয় আব্দুৰ ৰহিম আজমলে ২০১৫-১৬ বিত্তীয় বৰ্ষত বিধায়ক পুঁজিৰ দুই লাখ টকা অনুদান আগবঢ়াই এখন দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল৷ সমষ্টিৰ অকচেকপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলজাৰ অঞ্চলৰ মাজেৰে বৈ যোৱা জলসিঞ্জন বিভাগৰ যমুনা নলাৰ ওপৰত ২ লাখ টকাৰে দলংখনৰ নিৰ্মাণ হোৱাৰ কথা আছিল৷

ৰাইজে দলংখন নোহোৱাৰ বাবে ব্যাপক সমস্যাত পৰে৷ খৰালি যেনে তেনে আহ-যাহ কৰে যদিও বাৰিষা নলাৰ পানীৰ বাবে বাঁহ পাৰি পাৰ হ'ব লগা হয়৷ যোৱা দুই বছৰে কেৱল আধাৰশিলা আধাৰশিলা হৈয়ে থাকিল৷ দলং নিৰ্মাণৰ বাবে উক্ত ঠাইত শিল এটাও নপৰিল৷

এতিয়া আধাৰশিলা জহি-খহি যাবলৈ ধৰিছে৷ বিধায়কক আধাৰশিলা স্থাপন কৰাৰ পৰা আজিলৈ দেখা পোৱা নাই ৰাইজে৷ নিজ সমষ্টিক এনেদৰে অৱহেলা কৰি দিল্লী-মুম্বাইত সময় কটায় বুলি স্থানীয় ৰাইজে বিধায়ক আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে। এজন দলীয় কৰ্মীৰ ঘৰৰ সন্মুখতে নিৰ্মাণ কৰিবলৈ লোৱা উক্ত দলংখন নীলবাগান দেৱস্থান গড়কাপ্তানী পথৰ পৰা মাথো ২৫০ মিটাৰ আঁতৰত। ৰাইজে দলংখনৰ পুঁজি কাৰোবাৰ পেটত সোমাল নে বিধায়কৰ হেমাহিৰ বাবে হৈ নুঠিল বুলি প্ৰশ্ন কৰে।