
খেৰণিঃ প্ৰতিখন বিদ্যালয় সুন্দৰ কৰাৰ প্ৰতিশ্ৰতি দিয়া চৰকাৰখনে গ্ৰাম্যঞ্চলৰ বিদ্যালয়সমূহক গুৰুত্ব আৰোপ কৰিছে নে৷ কৰ্তব্যত গাফিলতি কৰা শিক্ষকৰ খতিয়ান লৈ চমক সৃষ্টি কৰা বিয়াগোম শিক্ষা বিভাগে গ্ৰাম্যঞ্চলৰ বিদ্যালয়ত কি ঘটিছে খবৰ লোৱাৰ আহৰি নাই?
শিক্ষাখণ্ডৰ উন্নয়মৰ নামত এদিন মাত্ৰ গুৱাহাটী মহানগৰত শিক্ষকক কোঠাত বহুৱাই চমক সৃষ্টি কৰি দায়িত্ব সামৰিলে নেকি শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাসমূহত আজিও চৰকাৰৰ দৃষ্টিৰ পৰা ৰৈ গৈছে বহু বিদ্যালয়৷ পশ্চিম কাৰ্বি আংলঙৰ খান্দুলি-লাংহেমফি-ৰংপাংবং আদি ঠাইত জৰাজীৰ্ণ অৱস্থাত একাধিক চৰকাৰী কাৰ্যালয়ৰ তলাবন্ধ অৱস্থাত থকা পৰিলক্ষিত হৈছে৷
এনেবোৰ ছবিয়ে মন্ত্ৰী-আমোলাই প্ৰত্যক্ষ কৰিলে চকু কপাঁলত উঠিব৷ চৰকাৰী কাৰ্যালয়ৰ লগতে লাংকেৰই প্ৰাথমিক বিদ্যালয়ৰ পুতৌজনক অৱস্থা চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷ খান্দুলিৰ লাংকেৰই গাঁৱৰ লাংকেৰই প্ৰাথমিক বিদ্যালয়খন ক্ৰমান্বয়ে মৰিশালিত পৰিণত হ’ব ধৰিছে৷
বিগত চাৰি বছৰে বিদ্যালয়খনত নাই শিক্ষক, নাই কোনো ছাত্ৰ-ছাত্ৰী৷ আনকি বিদ্যালয়খনত নাই ডেস্ক-বেঞ্চ, নাই চৰকাৰে যোগান ধৰা সামগ্ৰী৷ যাৰ ফলত বিদ্যালয়ৰ চৌহদ মৰিশালিৰ ৰূপ লোৱাৰ বিপৰীতে বিদ্যালয় গৃহ গোহালিত পৰিণত হৈছে৷
শিক্ষাৰ অধিকাৰ আইন ধোঁৱা চাঙত উঠিছে বিগত চাৰিটা বছৰত৷ পাঠদান অবিহনে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক নেইলছন টেৰণে মাহিলি দৰমহা আদায় কৰি আহিছে৷ স্থানীয় লোকে একমাত্ৰ শিক্ষকগৰাকী বিদ্যালয়ত উপস্থিত নোহোৱাৰ বাবেই বিদ্যালয়খনৰ এনে হোৱা বুলি অভিযোগ উত্থাপন কৰে৷
শিক্ষা বিভাগৰ বিষয়া, মন্ত্ৰী, কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহীয়ে গম নোপোৱাকৈয়ে এইগৰাকী শিক্ষকৰ দৰমহা লৈ আহিছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত কৰ্মৰত প্ৰধান শিক্ষকগৰাকীয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ ইংৰাজীত কোৱাতো দুৰৰ কথা অসমীয়া ভাষাত কব নোৱাৰিলে৷
কিছু দিন পূৰ্বে আমৰেং পৰিষদীয় সমষ্টিৰ সদস্য ৰীণা টেৰাংপি উপস্থিত হৈ বিদ্যালয়খনৰ বুজ লয়৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ হেতালি খেলা শিক্ষকগৰকীক পাঠদান নিয়মীয়া কৰিবলৈ নিৰ্দেশ দিয়ে৷