
টিংখাংঃ বোপাই হত এইখনত এতিয়া ভূতে বাস লৈছে৷ ৰাতিটো দুৰৰ কথা দিনতে মানুহ নাহে৷ ১৯৮৯ চনতে বনাইছিলে এইখন, কেই দিন মান এজন লোক আছিল তাৰ পাছৰ পৰা এই খনত মানুহ নাই৷ ভূতে বাস কৰিছে এতিয়া ভূতে৷
এগৰাকী জ্যেষ্ঠ লোকে এনেদৰে কটুক্তি কৰে পশু পালন আৰু পশু চিকিৎসা বিভাগক৷ হয়, ৰাজ্যৰ এখন পশু চিকিৎসালয়ত ভূতে বাস কৰা বুলি কটুক্তি কৰিয়েই ক্ষান্ত নাথাকি লোকগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি আমাৰ বাবে চৰকাৰে নাভাবে বুলি কয়৷
ৰাজ্যৰ পশু পালন আৰু পশু চিকিৎসা বিভাগক আট্টহাস্য কৰা এই পশু চিকিৎসালয় খন আছে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিত৷ কংগ্ৰেছ চৰকাৰে ১৫ বছৰে শাসন কৰিলে যদিও মাহমৰা বিধানসভা সমষ্টিৰ কোৰোকানিত থকা এই চিকিৎসালয়ত চকু নপৰিল৷
কংগ্ৰেছে নকৰী কাম কৰিম বুলি প্ৰতিশ্ৰতি দিয়া বিজেপি দলৰো চকুত পৰা নাই চিকিৎসালয় খন৷ ১৯৮৯ চনত বৃহত্তৰ কোৰোকানি অঞ্চলৰ চিকিৎসালয় খন এতিয়া হাবি-জংঘলে আগুৰি ধৰিছে৷ অনুসূচীত জাতিৰ নামত আৱন্টিত পশু চিকিৎসালয় খনৰ এনে দুৰৱস্থাৰ পাছতো কানসাৰ নাই বিভাগীয় কতৃপক্ষৰ।
স্থাপন কৰাৰ পাছতে কেইমাহ মান এজন ক্ষেত্ৰ পৰিদৰ্শকে কাম কাজ চলাইছিল যদিও ক্ষেত্ৰ পৰিদৰ্শক গৰাকীক আন ঠাইলৈ বদলি কৰি নিয়াৰ পাছৰে পৰা কোনো লোক আজিলৈ নিয়োগ কৰা নাই৷