জোনাইঃ ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ শেহতীয়াকৈ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনে বোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিবৰ সময় আহি পৰিছে৷

কিন্তু এনেবোৰ আঁচনিৰ জড়িয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷ এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷

আন্তঃগাঁঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷ এই গুণোৎসৱে স্কুল সমূহৰ সৰু সৰু সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷ শিক্ষকক কেমেৰাৰ সন্মুখত খতিয়ান লৈ ঠাট্টা, মস্কৰা কৰা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰিৰ্ৱতনৰ শ্ল’গান দিয়া যদিও প্ৰকৃততে শ্ল’গান সচা বুলি প্ৰমান নহয়। আজিও নানা সমস্যাৰে জৰ্জৰিত বিদ্যালয় আছে ৰাজ্যত৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ বৃহত্তৰ চেঙাজান অঞ্চলৰ ব্ৰহ্মপুত্ৰ-লালী নৈৰ বানত জৰ্জৰিত।

বান বিধ্বস্ত চেঙাজান অঞ্চলৰ মাধ্যমিক পৰ্যায়ৰ একমাত্ৰ শিক্ষানুষ্ঠান চেঙাজান লালীজ্যোতি মধ্য ইংৰাজী বিদ্যালয় কেইগৰাকীমান লোকে ২০০০ চনতে স্থাপন কৰিছিল অঞ্চলটোত জ্ঞানৰ পোহৰ বিলাবলৈ৷ বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ পোহৰ লাভ কৰা বিদ্যালয় খনৰ পৰা৷ যদিও চৰকাৰ, শিক্ষা বিভাগ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব আৰোপ কৰা দেখা নাযায় এই বিদ্যালয় খনক৷ আন্তঃগাঁথনি বুলিবলৈ একো নাই বিদ্যালয় খনত৷ ৭০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰীয়ে মুকলিতে মল-মূত্ৰ ত্যাগ কৰিব লগা হয়৷

বিদ্যালয় খনত শৌচাগাৰ নথকাৰ লগতে, বহিবলৈ নাই ডেস্ক, বেঞ্চ৷ দৰিদ্ৰ ঘৰৰ লৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰা বিদ্যালয় খনত খোৱাপানীৰ যোগান ধৰাটো দূৰৰ কথা বপানী খাবলৈ গিলাচ এটাও নাই৷ পিছপৰা অঞ্চলটোৰ বিদ্যালয়খনত দুপৰীয়া আহাৰ ৰন্ধা বঢ়াৰ বাবে এটা ৰান্ধনি ঘৰো আজিলৈ নিৰ্মাণ হোৱা নাই। ছাত্ৰ-ছাত্ৰীৰ অনুপাতে ডেস্ক-বেঞ্চৰ লগতে বিদ্যালয় খনত প্ৰয়োজনীয় শৈক্ষিক সামগ্ৰীৰো অভাৱ।

বাৰিষা কালত ব্ৰহ্মপুত্ৰ-লালী নৈৰ বানত চাৰি পাঁচ ফুট পৰ্যন্ত পানীত ডুব যোৱা বিদ্যালয়য় খনৰ উন্নয়ণ কৰি দৰিদ্ৰ পৰিয়ালৰ লৰা-ছোৱালীক পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে ৰাইজে শিক্ষামন্ত্ৰীক দাবী জনায়৷ মুৰ্কচেলেক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চেঙাজান লালীজ্যোতি মধ্য ইংৰাজী বিদ্যালয়খন যোৱা কেইবাবছৰ ধৰি বান পানীত বেয়াকৈ ক্ষতি গ্ৰস্ত হোৱাৰ লগতে শৈক্ষিক সামগ্ৰীৰ ক্ষতি হোৱা বুলি প্ৰধান শিক্ষকে জানিবলৈ দিয়ে। অতি পিছ পৰা চেঙাজান অঞ্চলৰ একমাত্ৰ অপ্ৰাদেশীকৃত প্ৰাদেশিকৰণ কৰাৰ লগতে আন্তঃগাঁথনিৰ উন্নয়ণ কৰিবলৈ ৰাইজে শিক্ষামন্ত্ৰীক দাবী জনায়৷