কামপুৰঃ কেমেৰাৰ সন্মুখত হাতত ঝাড়ু লৈ চমক সৃষ্টি কৰাতেই সীমাবদ্ধ থাকিল নেকি দেশক পৰিস্কাৰ কৰাৰ প্ৰতিশ্ৰুতি৷ ৰৌজাল-বৌজাল কৰি বেনাৰ-পোষ্টাৰ লগাই টিভি চেনেল, বাতৰি কাকৰ পৃষ্ঠা ভৰাই বিজ্ঞাপন দি কোটি কোটি টকা খৰচ কৰাৰ অন্তত দেশ তথা ৰাজ্যৰ বহু ঠাই আজিও স্বচ্ছ ভাৰত অভিযানে ঢুকি নাপালে৷

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসন ভাৰ হাতত লৈয়ে স্বচ্ছ ভাৰত অভিযানৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল৷ দেশৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান, চক-বজাৰ সকলো ঠাই পৰিস্কাৰ কৰি ৰখাৰ বাবে দেশৰ জনসাধৰনক বিশেষকৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীক আহ্বান জনাইছিল৷

কিন্তু সময় পাৰ হোৱাৰ লগে লগে কথাবোৰ অতীত হ’ব ধৰিলে৷ নগাঁও জিলাৰ এটি পথত গেলা আলু, পিয়াজ আৰু জাৱৰ জোঁথৰ দম দেখি এনেবোৰ কথাই মনলৈ আহে মানুহৰ৷ জিলা খনৰ কঠিয়াতলী বজাৰ পথটো স্থানীয়লোকে বজাৰ সমিতি, নগাঁও জিলা উপায়ুক্তক পৰিস্কাৰ কৰাৰ আবেদন জনাই অহাৰ পাছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

বজাৰৰ আলু-পিয়াজ, জাৱৰ-জোঁথৰ তথা পেলনীয়া সামগ্ৰী পথৰ ওপৰতে পেলোৱাৰ ফলতে নাকত হাত দি পাৰ হ’ব লগা হয় মানুহে৷ বজাৰ খনত বাৱসায়ীসকলে পথত জাৱৰ-জোঁথৰ পেলোৱাৰ লগতে পথৰ ওপৰত দোকান দিয়াত বজাৰ খনত সোমাব  নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে৷ পথৰ ওপৰৰ দোকান আঁতৰোৱাৰ লগতে জাৱৰ-জোঁথৰ চাফ-চিকুণ কৰিবলৈ বজাৰ সমিতি, নগাঁও জিলাৰ উপায়ুক্ত দাবী জনায়।

আনহাতে বজাৰ সমিতিৰ মহলদাৰগৰাকীয়ে এই সন্দৰ্ভত গা এৰা মন্তব্য কৰাহে পৰিলক্ষিত হয়। শীঘ্ৰে এই পথটো চাফ-চিকুণ কৰাৰ দাবী জনাইছে স্থানীয় লোকে।