প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গোৱালপাৰাঃ ৰাজহুৱা শৌচালয়ে যমৰ-যাতনা ভোগাইছে গোৱালপাৰাৰ জলেশ্বৰ টাউনত৷ টাউনত সমবেত লোকে মুকলিতে শৌচ-প্ৰস্ৰাৱ কৰাৰ পৰিবৰ্তে স্বচ্ছ পৰিবেশ গঢ়াৰ বাবে ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰিছিল জলেশ্বৰ গাঁও পঞ্চায়ত কৰ্তৃপক্ষই৷ প্ৰায় তিনি বছৰ পুৰ্বে ২০১৩-১৪ বৰ্ষত জলেশ্বৰ গাঁও পঞ্চায়তৰ সচিব ৰেজাউল ইছলাম আৰু সভাপতি শ্বৰিফুল ইছলামে টিএফচি আঁচনিৰ অধীনত তিনি লাখ পঞ্চাশ হাজাৰ টকা খৰছ কৰি জলেশ্বৰ বজাৰত নিৰ্মাণ কৰে ৰাজহুৱা শৌচালয়৷

আশ্বৰ্যৰ বিষয় এই যে তিনি লাখ পঞ্চাশ হাজাৰ টকাৰে নিৰ্মাণ কৰা শৌচালয়ত মল-মূত্ৰ জমা হোৱাৰ বাবে নিৰ্মাণ কৰা নাছিল টেংকী৷ ফলত ৰাইজে শৌচ-প্ৰস্ৰাৱ কৰিলে শৌচালয়ৰ পাছফালৰ ফুটাৰে মুকলি ঠাইত পৰে৷ মুকলি ঠাইত জমা হোৱা মল-মূত্ৰৰ পৰা এতিয়া সৃষ্টি হৈছে অসহ্যকৰ দূৰ্গন্ধ আৰু দূষিত পৰিবেশ৷ ফলত স্থানীয় ৰাইজে জ্বলা-কলা খাবলগীয়া হৈছে৷

মুখত কাপোৰ দি টাউনৰ মাজেৰে পাৰ হ’ব লগা হয় মানুহ৷ ইমানৰ পিছতো কাণসাৰ নাই পঞ্চায়তৰ৷ পঞ্চায়ত সমিতি খনৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবেই জাঙুৰ খাই উঠিছে ৰাইজে৷ ৰাজহুৱা শৌচালয়ৰ গাতে লাগি আছে জলেশ্বৰ ৰাজ্যিক চিকিৎসালয় আৰু জলেশ্বৰ তহচীল কাৰ্যালয়৷ কাৰ্যালয়ৰ বিষয়-ববীয়া সকলেও যমৰ-যাতনা ভুগিব লগা হৈছে৷

জলেশ্বৰ গাঁও পঞ্চায়তৰ সচিব ৰেজাউল ইছলাম আৰু সভাপতি শ্বৰিফুল ইছলামে শৌচালয়ৰ টেংকী নিৰ্মাণ নকৰি চৰম লুন্ঠন চলাই৷ নামমাত্ৰ কাম কৰি শৌচালয় নিৰ্মাণৰ নামত সিংহভাগ ধন লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ফলত ৰাইজে যমৰ-যাতনা ভুগিবলগীয়া হৈছে৷ গোৱালপাৰা জিলাৰ জলেশ্বৰত প্ৰশাসনে স্বচ্ছ ভাৰত অভিযানৰ সময়ে সময়ে প্ৰচাৰ চলাই যদিও তাৰ বিপৰীতে চৰকাৰী টকা ব্যয় কৰি ৰাজহুৱা স্থানত অসহ্যকৰ, অস্বাস্থ্যকৰ পৰিবেশত মানুহ জীয়াই থাকিব লগা হৈছে৷