
ধিংঃ ফুটবল মহাৰণত নামিল শিক্ষয়ত্ৰীৰ বিৰুদ্ধে শিক্ষয়ত্ৰী। কোনোৱে যদি পিন্ধিছে শাৰী। কোনোৱে অাকৌ পৰিধান কৰিছে চাদৰ মেখেলা। সকলোৰে ৰনচণ্ডী ৰূপ। লক্ষ্য ফুটবলত।
কোনোৱে ফুটবলটোত প্ৰচণ্ড গোৰ সোধাই প্ৰমাণ কৰিছে মহিলা কেতিয়াও পুৰুষতকৈ কম নহয়। কোনোৱে অাকৌ অাপ্ৰাণ চেষ্টা কৰিও চুবৰ সুবিধাই নাপালে। তথাপিও সকলোৰে মনত অানন্দ।
কিয়নো শৈশৱতে এৰি থৈ অহা অানন্দ যেন অাকৌ উভতি পাইছে এইসকল শিক্ষয়ত্ৰীয়ে। সোমবাৰে এনে দৃশ্য দেখিবলৈ পোৱা গ’ল নগাঁৱৰ ৰাইডঙীয়াত। ৰাইডঙীয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী সকলে প্ৰদৰ্শন কৰিলে অাকৰ্ষণীয় খেলখনত।
উদ্দেশ্য, উঠি অহা কিশোৰী-যুৱতী সকলক সুস্থ সৱল কৰি তুলিবলৈ খেলৰ প্ৰতি অাকৰ্ষিত কৰা। ৰাজ্যখনত ক্ৰমাৎ শিক্ষয়ত্ৰীৰ লগতে নাৰী সমাজ একাংশ পুৰুষৰ নিৰ্যাতনৰ বলি হৈ অাহিছে।
এই নিৰ্যাতন যাতে বন্ধ হয় তাৰ বাবে মহিলাসকল সুস্থ সৱল হৈ সেইসকল পুৰুষৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজ দিয়াৰ। প্ৰতিযোগিতাখনত ছাত্ৰী সকলেও ফুটবল খেল প্ৰদৰ্শন কৰি মন্ত্ৰ মুগ্ধ কৰে দৰ্শকক।