
ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ এগৰাকী বিবাহিতা মহিলাক প্ৰথমে সন্তান জন্ম দিব নোৱাৰা আৰু পাছত যৌতুকৰ বাবে নিৰ্যাতন চলাই স্বামী পৰিয়ালে খেদি দিয়াৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত বাতৰি মতে, খুমটাই হাবিছোৱা বৰপথাৰ গাঁৱৰ পাপু গগৈ নামৰ যুৱকজনৰ সৈতে আজিৰে পৰা প্ৰায় ৪ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল বৰপথাৰ আৰক্ষী থানাৰ আলিছিঙা কঠ বিলৰ অঞ্জলি নামৰ মহিলাগৰাকী।
কিন্তু যোৱা ৭ আগষ্টত স্বামীগৃহৰ পৰিয়ালে ঘৰৰ পৰা খেদি পঠিয়াই অঞ্জলিক। আনকি ১৩ মহীয়া সন্তানটিকো বুকুৰ পৰা কাঢ়ি চৰ-ভুকু শোধাই স্বামী আৰু শাহুৱেক সীতা গগৈয়ে। দুৰ্ভগীয়া অঞ্জলিয়ে অভিযোগ কৰা মতে, বিয়া হোৱাৰ কিছু দিনৰ পৰাই সামান্য কথাতে শাহুৱেক সীতাই তেওঁৰ ওপৰত শাৰিৰীক-মানসিক অত্যাচাৰ চলাই গৈছিল।
৩বছৰ অতিক্ৰম কৰাৰ পিছতো তেওঁলোকৰ কোনো সন্তান নোহোৱাৰ বাবে শাহুৱেকে নানা ধৰণৰ মানসিক অত্যাচাৰ চলাৱলৈ ধৰে। পাছত এটি ল'ৰা সন্তান জন্ম হোৱাত সেই অত্যচাৰৰ পৰা অঞ্জলি ৰক্ষা পৰে যদিও এইবাৰ যৌতুকৰ হেঁচা দিবলৈ ধৰে শাহুৱেকে। এইক্ষেত্ৰত স্বামী পাপু গগৈয়ে মাকক পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলিও অভিযোগ কৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।
এনে অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ অঞ্জলিয়ে খুমটাই আৰক্ষী চকীত শাহুৱেক আৰু স্বামীৰ নিৰ্যাতনৰ সবিশেষ বৰ্ণনা কৰি উপায় বিচাৰে। আৰক্ষীৰ ওচৰলৈ উপায় বিচাৰি যোৱাৰ কথা জানিব পাৰি যোৱা ৭ আগষ্টত স্বামীয়ে মাতৃৰ সৈতে মিলি অঞ্জলিক গৃহৰ পৰা মাৰ-ধৰ কৰি ঘৰৰ পৰা খেদি দিয়ে। পিছত কান্দি-কাটি দুৰ্ভগীয়া মহিলাগৰাকীয়ে বৰপথাৰৰ আলিচিঙা কঠবিলত থকা মাতৃগৃহলৈ আহিবলৈ বাধ্য হয়।