
তেজপুৰঃ সাজোনে-কাচোনে ফিট-ফাট এগৰাকী জোৱাইয়ে প্ৰখৰ ৰদত আঁঠু কাঢ়িলে শহুৰৰ ঘৰত৷ জোৱাইক শহুৰৰ ঘৰত আব্দাৰ কৰা হয় যদিও সন্মানৰ জোৱাই হয়তো আঁঠু কঢ়াৰে যোগ্য আছিল৷ কিয়নো জোৱাইয়ে হত্যাৰ চেষ্টা চলাইছিল পত্নী তথা কাৰোবাৰ জীয়ৰীক৷
ডেৰ বছৰৰ পূৰ্বে তেজপুৰৰ মিলনপুৰ কমাৰি চুবুৰীৰ মৌচুমী হাজৰিকা আৰু কলিয়াবৰৰ গৌতম শইকীয়াই সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছৰে পৰা স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই আহিছিল মৌচুমীক।
বিভিন্ন অজুহাত উলিযায় শাহু আৰু ননদে মৌচুমীক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই অহাৰ মাজতে যোৱা ২৬ জুনৰ নিশা শাহু আৰু ননদে মিলি ৰন্ধন গেছৰ চুলা খুলি অগ্নি সংযোগ কৰিছিল মৌচুমীৰ দেহত।
যোৱা ২৪ টা দিন তেজপুৰ মেডিকেল কলেজত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত জয়ী হয় মৌচুমী৷ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি চিকিৎসকে ঘৰলৈ আহিবলৈ দিয়ে মৌচুমীক। আজি মৌচুমীক পিতৃৰ মিলনপুৰ কমাৰি চুবুৰিৰ ঘৰলৈ অনাৰ পিছত সম্পূৰ্ণ কাহিনী পৰিয়ালক ব্যক্ত কৰে।
লগে লগে মিলনপুৰৰ ৰাইজ বিশেষকৈ মহিলাসকল উত্তেজিত হৈ পৰে৷ তেনে সময়তে মহিলা সকলে স্বামী গৌতম শইকীয়াক উক্ত স্থানত প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰে৷ গৌতম শইকীয়াক উত্তম-মধ্যম শোধাই মহিলাসকলে আঠুকঢ়াই থৈ আৰক্ষীক গতাই দিয়ে।