শিৱসাগৰঃ শিৱসাগৰ জিলাত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী হত্যা, নিৰ্যাতন আদিৰ দৰে ঘটনা৷ তাৰ মাজতেই শিৱসাগৰৰ কমাৰফদিয়াৰ সমীপৰ শালমাৰীয়া গাঁওৰ এগৰাকী মহিলা নিজৰ ১ বছৰীয়া সন্তান সহ  বিগত কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ থকা ঘটনা পোহৰলৈ আহিছে৷ 

শালমৰীয়া গাঁৱৰ হিৰণ্য দাস নামৰ ব্যক্তিজনৰ দ্বিতীয় পত্নী বিউটি দাস যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা ৰহস্য জনক ভাবে নিৰুদ্দেশ হৈ আছে। বিউটি দাসৰ স্বামী গৃহৰ পৰিয়ালে জনোৱা অনুসৰি ১৪ ছেপ্টেম্বৰৰ দিনা স্বামী হিৰণ্য দাস নাজিৰালৈ ব্যক্তিগত কামত উলাই যোৱাৰ পাছত শাহুৱেক ভনী দাসে হিৰণ্যৰ প্ৰথমা পত্নীৰ পুত্ৰক চিকিৎসালয়লৈ বুলি লৈ যায়৷ ঘূৰি আহি ঘৰত বোৱাৰী বিউটি আৰু এবছৰীয়া সন্তানটো ঘৰত নথকাৰ কথা জানিব পাৰে। 

ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও মহিলা গৰাকী আৰু তেওঁৰ এবছৰীয়া সন্তানৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই। আনহাতে স্থানীয় লোকে এই নিৰুদ্দেশৰ আঁৰত ৰহস্যৰ গোন্ধ থকা বুলি অভিহিত কৰিছে৷ বিউটি দাসক স্বামী গৃহই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ 

উল্লেখ যে, হিৰণ্যই দুটা বছৰ পূৰ্বে প্ৰথমা পত্নীক এৰি হাজোৰ বিউটি দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।