05
Oct
2017

তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ইচ্ছাপুৰ গাঁৱৰ পৰা এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য মতে, আমেনা খাতুন (৩৮) নামৰ মহিলাগৰাকী মঙলবাৰে পুৱা কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই যোৱাৰে পাছৰে পৰা সন্ধানহীন হৈ পৰে। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও মহিলাগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। অপ্ৰত্যাশিত ভাৱে মহিলাগৰাকী নিখোজ হৈ থকাত বিবুদ্ধিত পৰিছে মহিলাগৰাকীৰ আত্মীয়-স্বজনো।
কোনো দুষ্ট চক্ৰৰ কবলত পৰা মহিলাগৰাকীক বহিৰাজ্যত মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আমেনাৰ পৰিয়ালৰ লোকে তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।