
লংকাঃ মানৱতাক ভুলুণ্ঠিত কৰি নিজ ভগ্নীকে গুৰুলা-গুৰুল কৰি পিটিলে ভাতৃয়ে। এই কৰুণ ঘটনা ঘটিছে হোজাইৰ লংকাত। লংকা আৰক্ষী চকীৰ অন্তৰ্গত লংকাৰ ভালুকমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
নিজ ভাতৃ আৰু ভাতৃৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ পুৱাই প্ৰমিলা দাস ভুক্তভোগী মহিলাগৰাকী উপস্থিত হ’ল লংকা থানাত।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মহিলাগৰাকীয়ে লংকাৰ ভালুকমাৰীৰ নিজৰ মাকৰ ঘৰলৈ আহিছিল মাটি-বাৰী সংক্ৰান্তীয় আলোচনাৰ বাবে। কিন্তুু প্ৰমিলাৰ কনিষ্ঠ ভাতৃ আৰু পত্নীয়ে নিজ বায়েকে এনেদৰে মাটি-সম্পত্তি বিচাৰি অহা কথাটো মুঠেই মানি লোৱা নাছিল।
সোমবাৰে নিশাৰ ভাগত ঘৰুৱা কিবা কথাত তৰ্ক-বিতৰ্কত লিপ্ত হৈ নিজৰ ভায়েক ৰঞ্জিত দাস আৰু ৰঞ্জিতৰ পত্নী বুলন্তি দাসে জেষ্ঠ ভগ্নী প্ৰমিলা দাসক মাৰি-পিটি ঘৰৰ পৰা বাহিৰ দিয়ে। ভাতৃৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত মহিলা প্ৰমিলাই নিশা গাঁৱৰে এঘৰত আশ্ৰয় লয়।
আজি পুৱাৰ ভাগত নিজ ভাতৃৰ আৰু পত্নীৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।
ইতিমধ্যে সমগ্ৰ অসমতে দিনক দিনে ধৰ্ষণ, নাৰী নিৰ্যাতন আদিৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাই অহাৰ সময়তে নিজ ভাতৃৰ হাতত এনেদৰে শাৰিৰীকভাৱে অপদস্থ হোৱাতো লজ্জাজনক ঘটনা হিচাপে বিবেচিত হৈছে অঞ্চলটোত।