08
Oct
2017

তেজপুৰঃ মদৰ ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহিল তেজপুৰৰ মহিলা৷ দেওবাৰে সমাজৰ বাবে বৰবিহ স্বৰূপ সুৰাৰ বিৰুদ্ধে সস্তম হৈ পৰা দেখা গল তেজপুৰৰ বহু মহিলাক৷ তেজপুৰ চহৰৰ সমীপৰ তেজপুৰ দোলাবাৰীৰ মহিলা সমিতিৰ একাংশ সদস্যই মদ ব্যৱসায়ীৰ বিৰুদ্ধে চলাই অভিযান৷
মহিলা সমিতি, জিলা উপায়ুক্ত আৰু তেজপুৰৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত মহিলা সকলে অভিযান চলাই বৃহৎ পৰিমাণৰ মদ আৰু ভাং জব্দ কৰিবলৈ সক্ষম হয়। সংগ্ৰামী মহিলা সমিতিয়ে দোলাবাৰীৰ অঞ্চলত অবৈধ সুৰা আৰু জুৱাৰ বিৰুদ্ধে অভিযান চলাই সুৰাৰ বটল ভাঙি পেলোৱা পৰিলক্ষিত হয়৷