
নগাঁৱঃ নগাঁৱৰ প্ৰতিভাৱান এথলেটিকছ হিমা দাসে অৰ্জন কৰিছে বিশ্ব এথলেটিকছ প্ৰতিযোগিতালৈ যোৱাৰ যোগ্যতা৷ ২০ ৰ পৰা ২৩ মে’লৈ থাইলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি হিমা দাসে ২০০ মিটাৰ দৌৰত ২৫.০৫ ছেকেণ্ড সময়েৰে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়৷
ফলস্বৰূপে এই বিজয়ৰ সুবাদতে হিমা দাসে ১২ ৰ পৰা ১৫ জুলাইলৈ কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ভাগ লোৱাৰ যোগ্যতা আহৰণ কৰিছে৷ প্ৰকাশ যে, উক্ত বিশ্ব মানৰ প্ৰতিযোগিতাখনিত দৌৰৰ ২০০ মিটাৰ শাখাত অংশগ্ৰহণৰ বাবে নিৰ্ধাৰিত সময়সীমা আছিল ২৫.১৫ ছেকেণ্ড৷
কিন্তু হিমা দাসে সেই সময়সীমাৰ ১০ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়৷ নগাঁও জিলাৰ ধিং কান্ধুলীমাৰী নিবাসী ৰঞ্জিত দাস আৰু জোণালী দাসৰ সুযোগ্য কন্যা হিমাই ইয়াৰ পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰাৰ পিছত খেল ইণ্ডিয়া, ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু য়ুথ গেমছত ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক আৰু ১০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল৷
প্ৰতিভাধৰ উদীয়মান খেলুৱৈ গৰাকীৰ এনে সাফল্যত এতিয়া স্বাভাবিকতে নগাঁও জিলাৰ লগতে জন্মভূমি ধিং কান্ধুলীমাৰীত ৰাইজৰ মাজত উছাহৰ ঢল বৈছে৷ জানিব পৰা মতে, আজি বেংককৰ পৰা খেলুৱৈ গৰাকী গুৱাহাটী হৈ নগাঁৱত উপস্থিত হব।