
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বৰুৱাপাৰাৰ এগৰাকী বিবাহিতা মহিলাই স্বামীৰ অকৰ্থ্য নিৰ্যাতন সহিব নোৱাৰি অৱশেষত বিষপান কৰি আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিষপান কৰি আত্মহত্যা কৰা বিবাহিতা মহিলাগৰাকীক জাহানাৰা বেগম বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে যোৱা দুবছৰ পূৰ্বে ধুবুৰী জিলাৰ শিমলাবাৰীৰ মেহেৰ মণ্ডলৰ সৈতে সামাজিক নীতি নিয়মানুসাৰে বৰুৱাপাৰাৰ কলিমদ্দিন হকৰ জীয়ৰী জাহানাৰা বেগম বিবাহপাশত আৱদ্ধ হয়৷ বিষপান কৰি আত্মহত্যা কৰা জাহানাৰা বেগমৰ পৰিয়ালে ঘটনাসন্দৰ্ভত সাপটগ্ৰাম উপ আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মৰ্মে বিবাহৰ পিছৰে পৰা স্বামী মেহেৰ মণ্ডলে যৌতুক বিচাৰি পত্নী জাহানাৰা বেগমক মাৰপিট আৰম্ভ কৰে৷
জাহানাৰ বেগমে স্বামীৰ অকৰ্থ্য নিৰ্যাতন সহ্য কৰি আহিছিল যদিও কেবাবাৰো স্বামী মেহেৰ মণ্ডলে পত্নী জাহানাৰাক ঘৰৰ পৰা খেদি পঠিয়াইছিল ৷ অতি দুখীয়া ঘৰৰ জাহানাৰা বেগমে পিতৃৰ পৰা স্বামীয়ে দাবী কৰা ধন নিবলৈ সক্ষম নোহোৱাত মানসিক ভাবে ভাগি পৰে আৰু যোৱা ২২ আগষ্টৰ দুই বজাত স্বামীগৃহত বিষপান কৰি জাহানাৰাই আত্মহত্যা কৰে বুলি এজাহাৰত উল্লেখ কৰিছে৷
ঘটনাটো সম্পূৰ্ণভাৱে পূৰ্বপৰিকল্পিত আৰু জাহানাৰাৰ পৰিয়ালৰ লোকৰ মতে জাহানাৰাক স্বামীগৃহৰ লোকে প্ৰথমে হত্যা কৰি পিছত আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্ঠা চলাইছে বুলি এজাহাৰত উল্লেখ কৰি ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে।
ইপিনে সাপটগ্ৰাম উপআৰক্ষী চকীত ৰুজু হোৱা গোচৰ নং ৪৯৮/১৭ মৰ্মে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি ঘটনা সন্দৰ্ভত বিষপান কৰি আত্মহত্যা কৰা জাহানাৰা বেগমৰ শহুৰ সাইজুদ্দিন মণ্ডলক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে যদিও স্বামী মেহেৰ মণ্ডল অদ্যাপি পলাতক হৈ আছে ৷