20
May
2017

ডিজিটেল ডেস্কঃ নিজকে অন্তঃসত্বা বুলি ভাবি ৰোমাঞ্চিত হৈ উঠা এগৰাকী মহিলাই দিন যোৱাৰ লগে লগেই উপলব্ধি কৰিছিল যে তাইৰ পেটত আন কিবাহে আছে।
কিয়নো চাওতে চাওতে এক বৃহৎ আকাৰ লৈছিল তাইৰ পেটটোৱে। ডাক্তৰেও একে কথাকে ক’লে। শেষত অস্ত্ৰোপচাৰৰ অন্তত মহিলাগৰাকীৰ পেটৰপৰা ওলাল ৩১ কেজি ওজনৰ এটা টেমুনা।
এই ঘটনা মেক্সিকোৰ এগৰাকী মহিলাৰ। ১১ মাহ হোৱাৰ সময়ত চলা-ফুৰা কৰাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাত পৰিছিল মহিলাগৰাকী।
ডাক্তৰৰ নীৰিক্ষণ মতে টেমুনাটোৰ ফলত মহিলাগৰাকীৰ হাওঁফাঁওকে ধৰি দেহৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংগ ক্ষতিগ্ৰস্ত হ’বলৈ ধৰিছিল।
উক্ত হস্পিতালখনত আজিৰপৰা ৭ মাহ আগতে শল্যচিকিৎসা কৰে মহিলাগৰাকীয়ে। এতিয়া মহিলাগৰাকীয়ে সুস্থ জীৱন যাপন কৰিব পাৰিছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।