
কোকৰাঝাৰঃ কোকৰাঝাৰ ডিটেনচন কেম্পত বন্দী হৈ থকা ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও আৰু কোকৰাঝাৰৰ প্ৰায় ১৩০ গৰাকী মহিলাই মুক্তিৰ দাবীত কালিৰে পৰা ৩৩ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
বন্দীত্বৰ জীৱন কটোৱা মহিলাসকলৰ অভিযোগ অনুসৰি তেওঁলোকক বিনাদোষত বাংলাদেশী সজাই চৰকাৰে আৱদ্ধ কৰি ৰাখিছে ৷ চৰকাৰে তেওঁলোকক মুকলি কৰি দিয়াৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই তথা কোনো এজন প্ৰতিনিধিয়েও তেওঁলোকৰ খবৰ লবলৈ অহা নাই বুলি অভিযোগেৰে কাৰাগাৰৰ ভিতৰত পশুৰ দৰে জীৱন-যাপন কৰিব লগা হৈছে বুলি মন্তব্য কৰে৷
তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ প্ৰতিবাদত তথা মুক্তি দিয়াৰ দাবীত কাৰাগাৰৰ ভিতৰতে অনাহাৰে থাকি অনশণৰ কাৰ্যসূচী লবলৈ বাধ্য হৈছে আৰু যদিহে চৰকাৰে কোনো সুব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ইয়াতকৈও বেছি দিন অনশনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি মত প্ৰকাশ কৰিছে৷
উল্লেখ্য যে যোৱা ডেৰ বছৰৰ পৰা কাৰাগাৰ অধীক্ষক বিহীনভাৱে কাৰাগাৰখন চলি আছে আৰু জেইলৰজনো দুমাহ পূৰ্বে বদলি হৈ যোৱাত জেইলৰ অবিহনেই চলি আছে জিলা কাৰাগাৰখন।