www.newsnextone.com| খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত অৱস্থিত জিলাখনৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ৰাংচিনা মহাবিদ্যালয়ত নাৰীৰ মৌলিক অধিকাৰ তথা দেশৰ নাৰী নিৰ্যাতন, অত্যাচাৰ প্ৰতিৰোধ কৰাৰ বাবে আইনী ব্যৱস্থা কি কি আছে সেই সম্পৰ্কে এক বিশেষ সজাগতা আনিবলৈ এক কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় মহিলা আয়োগে জাৰি কৰা নিৰ্দেশনাত আৰু উক্ত মহাবিদ্যালয়ৰ ব্যৱস্থাপনাত অনুষ্ঠিত সজাগতা কাৰ্যসূচীত মুঠ ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। 

উল্লেখ্য যে নাৰীৰ মৌলিক অধিকাৰৰ সজাগতা কাৰ্যসূচীৰ আনুষ্ঠানটি ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক আৰু পৰীক্ষামূলকভাৱে সম্পন্ন কৰা হয়। গুৰুত্বপূৰ্ণ যে বিশ্ব মানৱ অধিকাৰ ঘোষণা-পত্ৰৰ নির্দেশ অনুসৰি প্রত্যেক মানৱ শিশুৱে জন্মগতভাৱে সকলো সমান অর্থাৎ সম অধিকাৰসম্পন্ন, কিন্তু হ’লেও আজিৰ এই বিজ্ঞান-প্রযুক্তিবিদ্যাৰ যুগতো লিংগভিত্তিক বৈষম্য সর্বত্র বিৰাজমান। 

আজিও পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক বিশেষ সংখ্যক লোক নিষ্পেষিত, নির্যাতিত আৰু অৱহেলিত হ’ব লগা হৈছে কেৱল সেইসকলে মহিলা হিচাপে জন্ম লোৱাৰ বাবে। বহুতৰে মনত আকৌ প্রশ্ন হয় মহিলানো ক’ত, কেনেকৈ নির্যাতিত হৈছে? কিন্তু অলপ গভীৰভাৱে চিন্তা কৰি নিৰীক্ষণ কৰিলেই দেখা যায় যে মাতৃগৰ্ভৰ পৰা অন্তিম শয়নপর্যন্ত মহিলাসকল সম অধিকাৰতো বাদেই, বিভিন্নভাৱে পুৰুষতান্ত্ৰিক সমাজত বৈষম্যমূলক আচৰণৰ বলি হ’বলগীয়া হৈছে। 

ভ্ৰূণ হত্যা, ধর্ষণ, অপহৰণ, যৌতুক দাবী, ঘৰুৱা হিংসা, নাবালিকা ধর্ষণ, কর্মস্থানত যৌন নির্যাতন ইত্যাদি অপৰাধ নিতৌ বৃহৎ সংখ্যাত সংঘটিত হ’বলৈ লৈছে। কর্মস্থান, ৰাজহুৱা স্থান, শিক্ষানুষ্ঠান, যান-বাহন, আনকি নিজৰ ঘৰখনতো আজিৰ মহিলা মানে ফুলকুমলীয়া শিশুৰ পৰা ৭০ বছৰীয়া বৃদ্ধলৈকে সুৰক্ষিত নহয়। হত্যা, ভ্ৰূণ হত্যা আজিও সমাজত প্রচলিত বুলিব পাৰি। তেনেবোৰ জটিল সমস্যা আৰু অপৰাধৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰীয় মহিলা আয়োগে জাৰি কৰা নিৰ্দেশনাত ৰাংচিনা মহাবিদ্যালয়ৰ ব্যৱস্থাপনাত পৰীক্ষামূলক পদ্ধতিৰে আজিৰ সমাজ ব্যৱস্থাত এক বিশেষ সজাগতা প্ৰদান কৰাৰ চেষ্টাৰে উক্ত উচ্চ শিক্ষানুষ্ঠানখনে এনে সজাগতা কাৰ্যসূচী ৰূপায়ন কৰিছে। 

অনুষ্ঠিত কৰা সজাগতাৰ পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক নগদ পুৰস্কাৰ হিচাপে ২০০০ টকা, ১৫০০ টকা, আৰু ১০০০ টকাকৈ বিতৰণ কৰে মহাবিদ্যালয়খনে। আনহাতে ইফালে অনুষ্ঠিত কাৰ্যসূচী সম্পৰ্কে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ তথা জিলা পৰিষদীয় সদস্য মঙ্গলছিং তিমুঙে এইবুলি কয় যে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত তথা নাৰী নিৰ্যাতন, অত্যাচাৰ প্ৰতিৰোধ কৰাৰ বাবে কি কি আইনী ব্যৱস্থা আছে সেই সম্পৰ্কে প্ৰতিখন উচ্চ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন মাধ্যমেৰে সজাগতা আনিব পাৰিলে নিশ্চয়কৈ মহিলাসকলৰ সামাজিক-আৰ্থিক উন্নয়ন হ’ব আৰু দেশত নাৰী নিৰ্যাতন, অত্যাচাৰ, ধৰ্ষণ আদিৰ দৰে ঘটনাবোৰ হ্ৰাস পাব বুলি মন্তব্য কৰে তিমুঙে।