ডিজিটেল ডেস্কঃ দিল্লীত যাত্ৰা কৰোতে সাৱধান হওঁক মহিলাৰ পৰা৷ কাৰণ মেট্ৰ’ ৰেলৰ পৰা বজাৰ সকলোতে পিয়াপি দি ফুৰিছে মহিলা পকেটমাৰে৷

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সমীক্ষাত প্ৰকাশ পোৱামতে মহানগৰখনৰ পকেটমাৰ সম্পৰ্কীয় ঘটনাৰ লগত জড়িতসকলৰ শতকৰা নব্বৈ ভাগেই মহিলা৷ সাধাৰণতে দলবদ্ধ গোটত পৰিকল্পনা কৰে এই পকেটমাৰ মহিলাই। সৰু ল’ৰা-ছোৱালীও লগত লৈ ফুৰে দলটোৰ কেতবোৰ সদস্যই।

মেট্ৰো ৰেলত যাত্ৰীৰ সৈতে নিজে কথা-বতৰা পাতি অথবা লগত নিয়া শিশুৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰোৱাৰ দায়িত্বত থাকে এজন। যাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ সময়তে সুযোগ বুজি আন এজনে পকেট চাফাই কৰি উধাও হয়। এনেদৰেই মেট্ৰে ৰেলত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এই মহিলা পকেটমাৰ। 

২০১৭ চনত সংস্থাটোৱে ৩৭৩ গৰাকী পকেটমাৰ আটক কৰিছিল। ইয়াৰে ৩২৯ গৰাকী পকেটমাৰেই মহিলা৷ মহানগৰখনৰ চান্দনী চৌক, ৰাজীৱ চৌক, কিৰ্তী নগৰ, কাশ্মীৰী গেট আদিকে ধৰি বিভিন্ন অঞ্চল পকেটমাৰৰ ঘাটী হিচাবে পৰিগণিত হৈছে৷ চলিত মাহৰ ২, ৩ আৰু ৪ জুনত ক্ৰমে ২১, ১৫ আৰু ১৬ গৰাকী মহিলা পকেটমাৰ আটক কৰিছিল বাহিনীটোৱে৷