নাওকাটাঃ আইৰ সমান হব কোন, নৈৰ সমান বব কোন৷ নদী মানুহৰ ঈশ্বৰ, নদী মানুহৰ মাতৃ৷ নদীক মানুহে পূজা কৰে৷ এয়া এক পৰম্পৰা নতুবা বিশ্বাস ৷ ৰজাই যেতিয়া প্ৰজাৰ কাম নকৰে তেতিয়া বিশ্বাস আৰু পৰম্পৰাক আকোৱালি লব লগা প্ৰজাই।

সমগ্ৰ ৰাজ্য এতিয়া বান আৰু গৰাখহনীয়াৰ কবলত৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ মাজেৰে বৈ যোৱা শুক্লাই, দেওচুঙা,পুথিমাৰী নৈৰ গৰাখহনীয়াইও আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক৷ পশ্চিম গোৰেশ্বৰৰ পুথিমাৰী নৈয়ে উত্তৰ হাৰিজোৰাত ধাৰণ কৰিছে সংহাৰী ৰূপ।

চপৰা-চপৰকৈ খহিছে পুঠিমাৰী নৈৰ মথাউৰি। গৰাখহনীয়াৰ আশংকাত বিনিদ্ৰ ৰজনী কটাইছে নৈপৰীয়া গঞাই। তথাপি কাণসাৰ নাই জলসম্পদ বিভাগ তথা চৰকাৰৰ।

কুম্ভকৰ্ণ নিদ্ৰাত মাতাল চৰকাৰ তথা জলসম্পদ বিভাগৰ সুমতি বিছাৰি আতংকিত আই-মাতৃয়ে মথাউৰিতে পূজা-অৰ্চনা, নাম-কীৰ্তন কৰি মাজেৰেই ঈশ্বৰৰ সহায় কামনা কৰিছে৷

 নিজৰ ভেটি,মাটি, জীৱনৰ নিৰাপত্তা বিচাৰি মথাউৰিত চৰকাৰৰ আশা বাদ দি গৰাখহনীয়া ৰোধৰ বাবে জলদেৱতাক তুষ্ট কৰিবলৈ ৰাইজে কৰিছে এই পূজা৷ স্থানীয় জনপ্ৰতিনিধিৰ ভূমিকাত ক্ষুব্ধ গঞা ৰাইজে শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ জনপ্ৰতিনিধিৰ ওচৰত দাবী জনায়৷