
সৰভোগঃ বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্য্যলয়ত দিনৰ ১১ বজাত বৃহত্তৰ সৰভোগৰ নগৰৰ সচেতন মহিলাসকলে অৱিনাশ নাথৰ নামত থকা মদৰ দোকানখন বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰভোগৰ বিমানঘাটি তথা ৰাজ্যিক ঘাইপথৰ কাষত স্থাপন কৰিব বিচৰা সুৰা বিপনীখন ৰাইজৰ বাৰম্বাৰ আপত্তিৰ পিছতো পুনৰ মদ বিক্ৰী কৰিবলৈ আৰম্ভ কৰাক লৈ ৰাইজে ঘোৰ আপত্তি দৰ্শাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়লৈ পঠোৱা স্মাৰক পত্ৰখনত এই অঞ্চলৰ ৰাইজৰ মাজত তীব্র সামাজিক বিশৃংখলা আৰু শান্তি ভংগ হোৱাৰ আশংকা থকা বুলি উল্লেখ কৰে মহিলাসকলে।
এই সম্পৰ্কত অসম চৰকাৰৰ আৱকাৰী মন্ত্ৰী, জিলা আৱকাৰী বিভাগ, জিলা উপায়ুক্তকে ধৰি সকলো বিষয়-ববীয়াক অৱগত কৰাৰ পিছতো জিলা প্ৰশাসনে উক্ত মদৰ বিপনীখনৰ অনুজ্ঞাপত্ৰ নিদিয়াৰ পিছতো অবৈধভাবে পুনৰ মদ বিক্ৰী কৰিবলৈ আৰম্ভ কৰাক লৈ সমগ্ৰ সৰভোগ নগৰৰ ৰাইজৰ মাজত তীব্ৰ অসন্তষ্টিৰ সৃষ্টি হোৱা বুলি জানিবপৰা গৈছে।
অনতিপলমে জিলা প্ৰশাসনে এই সম্পৰ্কত বিহীত ব্যৱস্থা গ্ৰহণ কৰি উক্ত মদৰ বিপনীখন বন্ধ নকৰিলে সৰভোগৰ সচেতন ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।