
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ হকে আত্মবলিদান দিয়া অসম কন্যা কনকলতাৰ ৰাজ্যত আকৌ গৰজি উঠিল প্ৰতিবাদৰ ধ্বনি। আকৌ এবাৰ নাৰী শক্তিৰ প্ৰতিবাদৰ ভাষাই কপাই গ’ল সমগ্ৰ ৰাজ্য৷
স্বাধীনতাকামী নাৰীয়ে দেখুৱাই দিলে নাৰীৰ শক্তি৷ ঘৰৰ গৃহিনী নহয়, এইবাৰ নাৰী প্ৰতিবাদৰ ভাষা হৈ ওলাই আহিল ৰাজপথলৈ৷ সেয়াও এক অনন্য ৰূপত৷ খিলঞ্জীয়াৰ হকে প্ৰতিবাদ জনাই নাৰীয়ে কৰিলে মুণ্ডন৷
আজি দিঘলী পুখুৰী পাৰত স্বাধীন নাৰী শক্তি সংগঠনে খিলঞ্জীয়াৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰ, অনা-ওসমীয়াই চলোৱা আক্ৰমণ আদি বিভিন্ন কাৰ্যৰ প্ৰতিবাদ জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
মূৰৰ চুলি খুৰাই ব্যতিক্ৰমীতাৰে প্ৰতিবাদ সাব্যস্ত কৰি স্বাধীন নাৰী শক্তি নামৰ সংগঠনটোনে প্ৰমাণ কৰি দিলে যে নাৰী কেৱল ঘৰৰ গৃহিনী নহয়, নাৰী কনকলতাও, নাৰী মা দূৰ্গাও৷
স্বাধীন নাৰী শক্তিৰ এনে আভিনৱ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷