Daily Express
Daily Express

মোৰাঝাৰঃ সহায়ৰ নাম লৈ লুটিলে মহিলাৰ ধন৷ হোজাই জিলাৰ মোৰঝাৰত বৃহস্পতিবাৰে এনে ঘটনা সংঘটিত হয়৷ মোডীজীৰ ডিজিটেল ইণ্ডিয়াৰ খোজত সমানে খোজ মিলাই ঈদৰ বজাৰ কৰিবলৈ আহি ATM ৰ পৰা টকা উলিয়াব আহোতেই মহিলাই কৌশলেৰে লুটি লৈ গ’ল টকা৷

উল্লেখ্য যে, চোহানা বেগম নামৰ গ্ৰাম্যঞ্চলৰ অশিক্ষিতা মহিলা গৰাকীয়ে বৃহস্পতিবাৰে মোৰঝাৰলৈ ঈদৰ বজাৰ কৰিব আহিছিল৷ অশিক্ষিতা মহিলাগৰাকীয়ে  ATMৰ পৰা টকা উলিয়াবলৈ আহি ATM মেছিনৰ একো আও ভাও নুবুজি ATM ৰ বাহিৰত ৰৈ থাকোতে আন এগৰাকী বোৰ্খা পৰিহিতা মহিলাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে৷

অঘটনটো ঘটিল তাতেই৷ সহায় কৰিবলৈ অহা মহিলাগৰাকীয়ে প্ৰকৃত ATM কাৰ্ডখন সৰকাই নকল কাৰ্ড এখন হে চোহানাক দি থৈ যায়৷

পিছত ATM কাৰ্ডখন লুটি নিয়া মহিলাগৰাকীয়ে নীলবাগান, মোৰাঝাৰ আৰু ডবকাত থকা ATM মেছিন ব্যৱহাৰ কৰি সৰ্বমুঠ ৩৮ হাজাৰ টকা লুটি নিয়ে৷

ঘটনাৰ পাছত ভুক্তভূগী চোহানা বেগমে মোৰাঝাৰ আৰক্ষী থানাত গোচৰ ৰোজু কৰে। উল্লেখ্য যে, অঞ্চলটোত এনে ঘটনা আগতেও বহুবাৰ সংঘটিত হৈছে যদিও আৰক্ষীয়ে অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই৷