
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় গুৰুত্বপুৰ্ণ তথ্য ফেচবুক, হোৱাটচএপযোগে দুগৰাকীকৈ বিদেশী মহিলাক দিয়াৰ অভিযোগত অভিযুক্ত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন অৰ্জুন মাৰৱাহয়ে যিদুটা ফেচবুক একাউণ্টৰ মহিলাৰ সৈতে পৰিচয় হৈছিল, তাৰে এটাৰ আইপি এড্ৰেছ পাকিস্তানৰ বুলি দিল্লী আৰক্ষীৰ বিশেষ বাহিনীয়ে প্ৰকাশ কৰিছে।
ফেচবুক আৰু হোৱাটচএপত থকা মহিমা পেটেল আৰু কিৰণ ৰান্ধাৱাৰ বিষয়ে অধিক তথ্য উদ্ধাৰৰ বাবে বিশেষ বাহিনীয়ে চেষ্টা অব্যাহত ৰখাৰ মাজতে আমেৰিকাস্থিত দুয়োটা কোম্পানীৰ মুখ্য কাৰ্যালয়লৈ তথ্য বিচাৰি আবেদন কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন বিচাৰি ইতিমধ্যে বিশেষ বাহিনীয়ে পত্ৰ প্ৰেৰণ কৰিছে।
দুগৰাকীকৈ সন্দেহযুক্ত চোৰাংচোৱা বিদেশী মহিলাক ভাৰতীয় প্ৰতিৰক্ষাসংক্ৰান্ত তথ্য দিয়াৰ অভিযোগত ফেব্ৰুৱাৰী মাহত কেপ্টেইন মাৰৱাহক আটক কৰা হৈছিল। ফেচবুকতেই মহিলা দুগৰাকীৰ সৈতে মাৰৱাহে চিনাকী হৈছিল। মহিমাই ২০১৭ বৰ্ষৰ ২৪ নবেম্বৰত ফেচবুক একাউণ্ট খোলাৰ বিপৰীতে তাৰে পাঁচ দিন পিছত অৰ্থাত ২৯ নবেম্বৰত ৰান্ধাৱাই একাউণ্ট খুলিছিল।