
বৰনৰ্দ্দীঃ নাৰী দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাতো যোৱা শুকুৰবাৰে সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত নলবাৰী মহিলা সমিতিৰ সভা গৃহত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰা হয়।
নলবাৰী মহিলা সমিতিৰ সভাপতি পুন্যময়ী বৰকাকটিৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে জিলা সমাজ কল্যাণ বিষয়া পদ্মেশ্বৰী শইকীয়াই। আগন্তুক লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত মহিলাৰ ৰাজনৈতিক স্বাধীনতাক গুৰুত্ব আৰোপ কৰি সভাখন মহিলা ভোটাৰ সজাগতাকৰণ বিষয়ক আলোচনাৰে আৰম্ভ হয়।
সম্বৰ্ধনা পৰ্বৰ পাছত সভাত উপস্থিত অতিথি অনুপমা দেৱীয়ে মহাভাৰত আৰু ৰামায়ণৰ উদ্ধৃতি দি মহিলাৰ বিৰুদ্ধে অতীজৰে পৰা হৈ অহা অন্যায় তথা হিংসাৰ কথা কৈ বৰ্তমান সময়ত অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ মহিলা সকলক আহ্বান জনায়৷ এই মহিলা দিৱস উদযাপনৰ লগত সংগতি ৰাখি মহিলাসকলৰ সক্ৰিয় ৰাজনৈতিক ভূমিকা সুনিশ্চিত কৰাৰ উদ্দেশে ই ভি এমৰ ওপৰত এক কৰ্মশালাও অনুষ্ঠিত কৰা হয়।
ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ অৰ্ধ সংখ্যকৰেই অৰ্থাৎ মহিলাৰ যদি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা নথকা তেন্তে এখন দেশ কেতিয়াও প্ৰকৃতাৰ্থত উন্নতিৰ দিশত আগুৱাব নোৱাৰে আৰু সেয়ে জিলাখনৰ প্ৰতি অংশতেই যাতে ভোটাধিকাৰ সাব্যস্ত হয় সেই উদ্দেশ্যেৰেই এই নাৰী দিৱস উদযাপনৰ অন্য এক পদক্ষেপ প্ৰশাসনৰ।