কোকৰাঝাৰঃ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী শ্যামচিংখ্ৰিলাত আজি পুৱতি নিশা চিৰাং জিলা বন বিভাগ আৰু ৬ নং এচএচবি বেটেলিয়নে যৌথ অভিযান চলাই ১৫০ কেবি চোৰাং শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত চোৰাং শালকাঠখিনিৰ বজাৰ মূল্য আনুমানিক ৮ লাখ টকা হব বুলি বন বিভাগৰ সূত্ৰই সদৰি কৰিছে।

প্ৰাপ্ত বাতৰি অনুসৰি চিৰাং জিলা বন বিভাগ আৰু ৬ নং এচএচবি বেটেলিয়নৰ দল এটাই আজি পুৱতি নিশা শ্যামচিংখ্ৰিলাত চোৰাং কাঠ জব্দ কৰাৰ বাবে টহল দি থাকে আৰু সেইসময়তে চোৰাং কাঠভৰ্তি ট্ৰাকৰ যান্ত্ৰিক বিজুতি ঘটাত বনবিভাগে গাড়ীসহ চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।

পিছত ক্ৰেন আৰু ট্ৰেক্টৰৰ সহায়ত চিৰাং বন বিভাগে চোৰাং কাঠখিনি চিৰাং জিলালৈ নিয়ে। বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাতে চোৰাং কাঠৰ অবাধ বেহাই প্ৰকৃতিপ্ৰমীক চিন্তিত কৰি তুলিছে।