newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যত আজিও অব্যাহত আছে অবৈধ কাঠৰ ব্যৱসায়৷ ট্ৰাকে ট্ৰাকে অবৈধ কাঠ আজিও সৰবৰাহ হৈ আহিছে ৰাজ্য খনত৷ একাংশ ক্ষমতাশালী লোকে কোটি কোটি টকাৰ অবৈধ কাঠৰ ব্যৱসায় কৰি আহিছে৷ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে নানা পদক্ষেপ লৈ আহিছে যদিও তেনে কোনো পদক্ষেপে অসমত প্ৰভাৱ পেলাব পৰা নাই৷

ৰাজ্যৰ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ ফলতেই ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে অসম-অৰুণাচল সীমান্তত কাঠ মাফিয়াই মুকলিকৈ চলাই গৈছে অবৈধ চোৰাং কাঠৰ ব্যৱসায়৷ তাৰ মাজতে বৃহস্পতিবাৰে দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰে।

এএছ ০১-এচি-২২৭৬ নম্বৰৰ ট্ৰাকখনৰ ভিতৰত তিতাচাপ, জুতলি, খুকন আদি মূল্যবান কাঠ সমূহ লৈ লক্ষীমপুৰৰ পৰা বাইহাটালৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে। 

জানিব পৰা মতে, প্ৰায় চল্লিশ লাখ টকাৰ কাঠ খিনিৰ কোনো চালান বা নথি পত্ৰ নাই। কাঠখিনি বাইহাটাৰ কাঠ বেপাৰী মৃনালৰ বুলি ট্ৰাক ড্ৰাইভাৰ আশ্ৰফুল আলিয়ে জনায়। ইয়াৰ পূৰ্বেও কেইবাবাৰো কাঠ সৰবৰাহ কৰিছে বুলি ড্ৰাইভাৰ জনে জনায়।