
কামপুৰঃ দিনৰ ১১ বাজি যোৱাৰ পাছতো বৰাবাবুসকল কাৰ্যালয়লৈ নাহে৷ বৰাবাবুক অনুসৰণ কৰি সৰু বাবুসকলেও কৰ্ম সংস্কৃতি পাহৰি গৈছে৷
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোৱা কথাবোৰ এতিয়া মন্ত্ৰী বিধায়ক হৈ ব্যস্ততাৰ বাবে ৰাজনৈতিক দলবোৰৰ লোকে পাহৰি পেলাইছে। পাহৰি পেলাইছে কৰ্ম সংস্কৃতিৰ কথা৷
কৰ্ম সংস্কৃতি ঘুৰাই অনাৰ দোহাই দি ৰাজ্যৰ শাসন ভাৰ দখল কৰা চৰকাৰখনে পাহৰিলেও ৰাইজে পিছে পাহৰা নাই৷ ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিক উপস্থিত হৈ দিনৰ ১১ বাজি যোৱাৰ পাছতো গড়কাপ্তানী বিভাগৰ কামপুৰ সংমণ্ডল তথা উত্তৰ পূৱ পৰিষদ সংমণ্ডলৰ কাৰ্যালয়ত দেখা নাপালে এজনো কৰ্মচাৰী।
বৰাবাবু অৰ্থ্যৎ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে হেনো কেতিয়াবা কেতিয়াবা হে কাৰ্যালয়লৈ আহে৷ কাৰ্যালয়টোত টেবুলে টেবুলে দ’ম লাগি পৰি আছে ফাইল কিন্তু কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী নাই। খালী টেবুল খালী চকী।
কাৰ্যালয়টোত মুঠ ৩৫ গৰাকী কৰ্মচাৰী আছে যদিও সময়মতে কৰ্যালয়লৈ নাহে এজনো কৰ্মচাৰী। ১১-৩০ বজাৰ পৰা এজন দুজন কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত হৈ নিজৰ দোষ ঢকাৰ চেষ্টা কৰে।
আনহাতে দীৰ্ঘ দিনৰ পৰা এই কাৰ্যালয়টোত কৰ্মচাৰীসকল বহু পলমকৈ অহাৰ লগতে একাংশ কৰ্মচাৰীয়ে ঘৰতে বহি দৰমহা লোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷