দলংঘাটঃ এটি মীন মহল পৰিচালনা সমিতিয়ে পঢ়ালে ছাত্ৰ-ছাত্ৰীক৷ ব্যতিক্ৰম এটি মীন মহল৷ সততে এনেধৰণৰ সংগঠন সমূহে কৃষকৰ কাম কৰে যদিও দৰং জিলাৰ পশ্চিম পাৰিয়া পাৰা বুঢ়ী পুখুৰী মীন মহল ব্যতিক্ৰম৷ মীন মহল পৰিচালনা সমিতি খনে ৫-২৫ জুলাইলৈ ছাত্ৰ-ছাত্ৰী পাঠদান কৰায়৷

পশ্চিম পাৰিয়া পাৰা প্ৰাথমিক বিদ্যালয় আৰু পাৰিয়া পাৰা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষিত যুৱক ধীৰাজ ডেকা, লাৱণ্য ডেকা, কিশোৰ ডেকা, শৈলেন ডেকা, ভৃগু শইকীয়া, হিমাংশু ডেকা, জোতিপ্ৰসাদ ডেকা, ধনমনি ডেকা, প্ৰাণজিত ডেকা আৰু নিতু ডেকা, সুনীল ডেকা আৰু ৰমেশ ডেকাই ছাত্ৰ-ছাত্ৰীক পঢ়ায়।

ইয়াৰ লগতে চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, ৰচনা প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত কৰে। মুকলি সভাত সভাপতিত্ব কৰে দেওমৰনৈ আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি নৱজিৎ শৰ্মাই। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক নবীন ডেকা, জলজলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইন্দ্ৰ শৰ্মই৷