কাজিৰঙাঃ আজি দিনৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বোকাখাতৰ নাহৰজান চাহ বাগিচাত লতামাকৰীৰ আক্ৰমণত বিজু মুণ্ডা নামৰ এগৰাকী শ্ৰমিক আহত হয়।

প্ৰাপ্ত তথ্য মতে, আন দিনাৰ দৰে আজিও নাহৰজান বালিজান বাগিচাত বিজু মুণ্ডা শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত আছিল। তেনেতে বিয়লি ৪ মান বজাত হঠাৎ এটা লতামাকৰিয়ে আক্ৰমণ কৰি বিজুক আহত কৰে।

আহত শ্ৰমিক গৰাকীক লগে লগেই বোকাখাতৰ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে, দেহৰ বিভিন্ন স্থানত আঘাত পাই চিকিৎসাধীন হৈ থকা বিজুক তাৎক্ষণিকভাৱে বাগিচা কৰ্তৃপক্ষ আৰু বনবিভাগে যৌথভাবে উন্নত চিকিৎসাৰ দায়িত্ব বহন কৰাৰ দাবী উত্থাপন কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।

সংগঠনটোৱে লগতে নাহৰজান বাগিচা কৰ্তৃপক্ষই বিজু মুণ্ডাক অস্থায়ী কামৰ সলনি স্থায়ী পদত মকৰল কৰা, বাগিচা কৰ্তৃপক্ষ আৰু বনবিভাগে উচিত ক্ষতিপূৰণ প্ৰদান কৰা, নিয়মিত ভাবে উক্ত বাগিচাত এনে বাঘৰ আক্ৰমণত আহত নিহত ঘটনাৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা, পূৰ্বে এনে ঘটনাৰ ফলত নিহত পৰিয়াললৈ বাগিচা কৰ্তৃপক্ষ আৰু বনবিভাগে এমাহৰ ভিতৰত ক্ষতিপূৰণ প্ৰদান কৰা, নিহত পৰিয়ালৰ লোকক স্থায়ী চাকৰিত মকৰল বাধ্যতামূলক কৰা আদি দাবী তুলিছে।

অন্যথা জনতাৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলিও হুংকাৰ দিছে।