
আজাৰাঃ পলাশবাৰীৰ বৰতেজপুৰস্থিত পায়োৰ এণ্ড কিয়োৰ কোম্পানীত বৃহস্পতিবাৰে সংঘটিত হয় এক দুৰ্ঘটনা৷
দিনৰ প্ৰায় ২ বজাত কোম্পানীত কৰ্মৰত অৱস্থাত এজন শ্ৰমিক বিল্ডিংৰ ওপৰৰ পৰা তলত পৰে৷ আহত লোকজনক কোম্পানীৰ লোকসকলে ততাতৈয়াকৈ ৰামপুৰস্থিত প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী জি এম চি লৈ প্ৰেৰণ কৰে। পিছত চিকিৎসালয়ত বিহাৰৰ পাতিহাৰ জিলাৰ মহম্মদ নাজিৰ আলী (৫৬) নামৰ কৰ্মচাৰীজনৰ মৃত্যু ঘটে৷
কিন্তু আৰক্ষীক অৱগত নকৰাকৈয়ে কোম্পানীৰ বিষয়-ববীয়াই নিশাৰ ভাগতে শ্ৰমিকজনৰ নশ্বৰ দেহ গুৱাহাটিৰ পৰা মিৰ্জালৈ লৈ আনে৷ তাৰ পৰা AS-01BD-4245 নম্বৰৰ এম্বুলেঞ্চ খনেৰে গোপনেই মৃতদেহটো বিহাৰলৈ প্ৰেৰন কৰাৰ যো-জা চলায়৷ শেষত ঘটনা সন্দৰ্ভত মিৰ্জাৰ স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰাৰ পাছত পলাশবাৰী আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত মৃতদেহ কঢ়িওৱা বাহন সহ মৃতদেহটো উদ্ধাৰ কৰে৷
ইতিমধ্যে পলাশবাৰী আৰক্ষীয়ে কোম্পানীটোৰ চাৰিজন লোকক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে৷