প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | তেজপুৰঃ মঙলবাৰে তেজপুৰৰ সামৰিক বিমানঘাটিত শ্ৰমিক আৰু বায়ুসেনা আৰক্ষীৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ বিমান ঘাটিত কৰ্মৰত এজন শ্ৰমিকক শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে বায়ুসেনা আৰক্ষী কপোৰ পিল্লেৰ বিৰুদ্ধে৷

অভিযোগ অনুসৰি, মঙলবাৰে পুৱা সাধাৰণ কথাৰ বাবেই কপোৰ পিল্লে নামৰ বায়ুসেনা বিভাগৰ এগৰাকী আৰক্ষীয়ে প্ৰভাত কুমাৰ নামৰ এজন শ্ৰমিকক মাৰপিট কৰে৷ আনহাতে ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিককো বায়ুসেনা আৰক্ষীজনে দুৰ্ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে৷