গোৰেশ্বৰঃ বিজেপিয়ে নিৰ্বাচনত ভাল ফলাফল ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। যেনেকৈ ডিমা হাচাও বিজেপিয়ে দখল কৰিছে তেনেকৈ ২০১৯ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দখল কৰিব বিটিচি। বিটিএডিৰ মুঠ ৪০ টা সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব বিজেপিয়ে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশদাৰী দল বিপিএফৰ ঘাইঘৰত এই হুংকাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।

বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙনাহাটী সত্ৰ ৰাজহুৱা সভাগৃহত বিজেপিৰ কৰ্মকৰ্ত্তা সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে বিজেপিয়ে জন্মু-কাশ্মীৰত বন্দুকৰ আগত থাকি চৰকাৰ গঠন কৰা বুলি কয়। সকলো বাধা নেওচি ভাৰত নিৰ্মাণৰ স্বাৰ্থত বিজেপিয়ে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে।

ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই আঁতধৰা সভাখনত আদৰণি ভাষণ ৰাখি বিজেপি সভাপতিগৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য বহুত আগুৱাই গৈছে আৰু পৰবৰ্তী দিনতো বিজেপিৰ নেতৃত্বত ৰাজ্যত সঁচা অৰ্থত পৰিবৰ্তন আহিব বুলি কয়।

গোৰেশ্বৰ মণ্ডলৰ বিজেপিৰ উদ্যোগত অনুষ্ঠিত বিজেপি দলৰ কৰ্মী সভাত গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত থাকি ভাৰতবৰ্ষত এক পৰিবৰ্তন কামনা কৰা হৈছে যাৰ বাবে ৰাইজে ৰাজ্যসমূহত বিজেপি চৰকাৰৰ বহুৱাইছে বুলি কয়। ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত বিজেপি দলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ তেওঁ শলাগ লয়।

লগতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক লৈ তেওঁ গৰ্ব কৰিব পাৰো বুলি কৈ নৰেন্দ্ৰ মোদীয়ে কেৱল ভাৰতবৰ্ষক নেতৃত্ব দিব পাৰে তেনে নহয় তেওঁ সমগ্ৰ বিশ্বকে নেতৃত্ব দিব পৰা গুণ আছে। পূৰ্বৰ চৰকাৰৰ দিনত টকা পইচা থকাৰ পিছতো বহুতো দুৰ্নীতি সংঘটিত হোৱাৰ বাবে বাট-পথ শোচনীয় হৈ থকা বুলি কৈ এজনৰ পিছত এজন দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰী জেলৰ ভিতৰলৈ গৈ আছে আৰু যাব বুলি মন্তব্য কৰে আগবঢ়ায় মন্ত্ৰী শুক্লবৈদ্যই।

ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই বুথ সমিতিৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ সকলো বিজেপিৰ মণ্ডল, ৰাজ্যিক আদি সমিতিক শক্তিশালী কৰি বিশ্বৰ ভিতৰতে বিজেপিক এক শক্তিশালী দল হিচাপে গঢ়ি তুলিবলৈ সকলোকে যত্নৱান হোৱাৰ আহ্বান জনায়।

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই অহা দহ বছৰৰ ভিতৰত ৰাজ্যৰ লগতে ভাৰতবৰ্ষক বিকাশৰ উচ্চ শিখৰলৈ নিয়াৰ সপোন বিজেপিয়ে ৰচিছে বুলি কৈ বিজেপিয়ে নোট বন্দীৰ দৰে লোৱা সিদ্ধান্তৰ বাবে ৰাইজৰ একো অসুবিধা হোৱা নাই কিন্তু একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া, কৰ্মচাৰী বা ৰাজনৈতিক নেতাৰহে অসুবিধা হৈছে বুলি কয় সাংসদ ডেকাই।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ সৈতে মুখামুখী হৈ মাৰ্ক্স নতুবা লেলিনৰ কোনো সম্পৰ্ক নাই তেন্তে কিয় অসমত মাৰ্ক্স আৰু লেলিনৰ কথা কোৱা হয় বুলি কৈ দীনদয়াল বিতৰ্কৰ উত্তৰ দিয়ে। গোৰেশ্বৰৰ চিপিআইএম দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী বিজেপিলৈ ঢাপলি মেলা বুলি কয় ৰাজ্যিক সভাপতিয়ে।

ইপিনে নগাঁও কাণ্ড সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।এই সভাতে কংগ্ৰেছ, বিপিএফ, চিপিআইএম আৰু অগপ দলৰ পৰা প্ৰায় পোন্ধৰশ কৰ্মীয়ে আজি বিজেপি দলত যোগদান কৰে আৰু বিজেপিৰ ৰাজ্যিক নেতৃবৰ্গই তেওঁলোকক উষ্ম আদৰণি জনায়। আনহাতে গোৰেশ্বৰৰ একাংশ সমাজকৰ্মীয়ে কৰ্মী সভাৰ সন্মুখত বহি ডিঙিত বিজেপিৰ চিহ্ন থকা গামোছা লৈ বহি থকা কাণ্ডই সকলোকে আচৰিত কৰে৷