শোণিতপুৰঃ চাকৰিৰ প্ৰলোভনকে ধৰি মানৱ সৰবৰাহৰ বিভিন্ন চক্ৰৰ প্ৰলোভনত পৰি প্ৰায়ে অসমৰ যুৱক-যুৱতী বহিঃৰাজ্যত সন্ধানহীন হোৱাৰ আন এক ঘটনা পোহৰলৈ আহিছে।

বিহাৰৰ কিষানগঞ্জত কৰ্মৰ সন্ধানত যোৱা উদুলা পুৰ্তি নামৰ অসমৰ এজন যুৱক এজন নিৰুদ্দেশ হৈছে। যুৱকজনৰ ঘৰ শোণিতপুৰ জিলাৰ ঠেলামৰা থানাৰ অন্তৰ্গত বৰবিল পথাৰ গাঁৱৰ।

জানিব পৰা মতে নিৰুদিষ্ট উদুলা পুৰ্তিয়ে বিহাৰৰ কিষান গঞ্জনৰ পৰা কাম কৰি ঘৰলৈ উভতি অহাৰ পথৰ পৰায়ে সন্ধানহীন হৈ আছে। সাত দিন ধৰি কোনো শুংসূত্ৰ উলিৱাব নোৱাৰি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।