বিশ্বনাথঃ সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতি আৰু বিশ্বনাথ ঘাট শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ আজি সামৰণি পৰে৷

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সাঃ সম্পাদক ভাস্কৰ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত ছাত্ৰ নেতা বিক্ৰম বিকাশ বৰা, ৰুপম দাস, বিশ্বনাথ ঘাট প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষ ধন চন্দ্ৰ দাস, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ দাস, ফখৰুদ্দিন আলী আহমেদ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সম্ভু ঘোষ, বুবু ইছলাম, মনোজ বৰুৱা উপস্থিত থাকে৷

১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিনামুলীয়া পাঠদান শিবিৰত অংশ লয় বুলি জানিব দিয়ে সংগঠনটোৱে৷ আনহাতে বিনামূলীয়া পাঠদান শিবিৰত অংশ লোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত এটি প্ৰতিভা সন্ধানী পৰীক্ষাও অনুষ্ঠিত হয়৷ পৰীক্ষাত   উত্তীৰ্ণ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰমাণ প্ৰত্ৰ, এজোপা গছ পুলিৰ লগতে বঁটা প্ৰদান কৰা হয়।