তেজপুৰঃ বাহ্যিকতাক গুৰুত্ব দি কেৱল সস্তীয়া প্ৰচাৰৰ কাম কৰা একাংশ অনুষ্ঠানে কাম কৰা দেখা যায়। তাৰ পৰিৱৰ্তে শিপাৰ সন্ধানত ব্যস্ত হৈ পৰিছে এটি অনুষ্ঠান যাৰ নাম হৈছে ‘সন্মিলিত সাংস্কৃতিক গোষ্ঠী বিহগুৰি’৷

শতাধিক ছাত্ৰ-ছাত্ৰীক গ্ৰীষ্মকালীন বন্ধত সহঃ বিদ্যায়তনিক শিক্ষাৰ কৰ্মশালাৰে পাৰদৰ্শি কৰাৰ চেষটা চলায় অনুষ্ঠানটোৱে।

যি সময়ত আমাৰ নৱ প্ৰজন্ম পশ্চিমীয়া সংস্কৃতিত উটি যোৱাৰ উপক্ৰম হৈছে৷ যি সময়ত স্বকীয় সংস্কৃতিৰ প্ৰতি অসমীয়াৰ মন প্ৰাণ কমি গৈছে¸ তেনে সময়তে সন্মিলিত সাংস্কৃতিক গোষ্ঠীয়ে শ্ৰীমন্ত শংকৰ দেৱ আৰু মহাপুৰুষ মাধৱ দেৱ গুৰু দুজনাৰ অনুপম সৃষ্টি বৰগীত, খোল আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰে ছাত্ৰ-ছাত্ৰীক প্ৰকৃতাৰ্অথত অসমীয়া সংস্কৃতিৰে চিনাকী কৰি দিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

অনুষ্ঠানটিৰ প্ৰধান তথা শংকৰী সংস্কৃতিৰ সাধক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক কিৰণ চন্দ্ৰ বৰা আৰু উদীয়মান সাংস্কৃতিক কৰ্মী গায়ক ৰাতুল শইকীয়াই সম্পূৰ্ণ জুলাই মাহটো ভক্তি ৰসৰে জীপাল কৰি দুজনা গুৰুৰ কৃষ্টি-সংস্কৃতিৰে শিশুসকলক উপযুক্ত প্ৰশিক্ষণ দিলে।

যোৱা ২৮ জুলাইত সাংস্কৃতিক গোষ্ঠীয়ে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। ন-শিকাৰু ছাত্ৰ-ছাত্ৰীয়ে খোল বজাইছে। সাৱলীলভাবে দৰ্শকৰ মন-প্ৰাণ হৰি নিছে বৰগীতৰ সুৰ আৰু সত্ৰীয়া নৃত্যই। লগতে কণ্ঠ শিল্পী ভাস্কৰ মৌনসৰ প্ৰচেষ্টাত পুৰণি অসমীয়া চিৰ সেউজ গীতত কণ্ঠ নিগৰালে কণমানিহঁতে।

মঞ্চ উদ্বোধন কৰে অঞ্চলটোৰ শিক্ষাবিদ জীৱন চনাদ্ৰ দাসে। বিশিষ্ট নাট্যকৰ্মী অমিতাভ কলিতা¸ বাব্লু কলিতাই সাংস্কৃতিক গোষ্ঠীৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে শিক্ষক বিষ্ণুৰাম দাসে 'বিহগুৰিত সভা-সমিতি অনুষ্ঠিত হলে বৰগীত এটি গাবৰ বাবে শিল্পীৰ অভাৱ, কিন্তু সন্মিলিত সাংস্কৃতিক গোষ্ঠীয়ে এই অভাৱ দূৰ কৰিলে' বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

বেহাৰবাৰী আউটপ'ষ্টৰ ৰাকেশ খ্যাত ৰিণ্টু বৰায়ো সভাত অংশগ্ৰহণ কৰি গোষ্ঠীৰ উদ্দেশ্যৰ শলাগ লোৱাৰ লগতে শংকৰী কৃষ্টিৰ গুৰুত্ব সম্পৰ্কে শিশুসকলক উদ্দেশ্যি সাৰুৱা বক্তব্য আগবঢ়ায়।