
কাকপথাৰঃ মৰাণ জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে অনুষ্ঠিত হ’ব কৰ্মশালা৷ যুৱ প্ৰজন্মক জনগোষ্ঠীটোৰ কৃষ্টি, সংস্কৃতিৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত, তেজি-বৰালী শাখা সমিতিৰ সহযোগত দহদিনীয়াকৈ অনুষ্ঠিত হ’ব এই কৰ্মশালা৷
মৰাণ জনগোষ্ঠীৰ মৰাণ বিহুনাচ, মৰাণ বিহুগীত আৰু মৰাণ জনজাতিৰ লোকবাদ্যৰ ওপৰত কৰ্মশালাত আলোচনা কৰা হ’ব৷ তেজিপথাৰ মজলীয়া বিদ্যালয়ৰ খেলপথাৰত ১৭-২৭ ডিচেম্বৰলৈকে দিনৰ এক বজাৰ পৰা কৰ্মশালা অনুষ্ঠিত হ’ব।
কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ বয়সৰ কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ নাই বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ২০১৮ বৰ্ষত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ বিশেষ কাৰ্যসূচী বুলি জানিবলৈ দিয়ে। কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক লোকলকল 9577420845, 7578904268, 7637860410, 9954892734 আৰু 9707145035 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে।