ডিফুঃ জাৰ্ণেলিষ্ট ফেডাৰেশ্যন অব আছাম চমুকৈ জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফুৰ ৰাংছিনা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে পেইড নিউজ আৰু নিৰ্বাচনৰ সময়ত বাতৰি পৰিৱেশন সন্দৰ্ভত কৰ্মশালাৰ আয়োজন কৰা হয়৷

জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰাজবীৰ সিঙৰ পৌৰোহিত্যত অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জাফাৰ ৰাজ্যিক সমিতিৰ সভাপতি লনচিং টেৰণ আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক ডাঃ লিপচন ৰংপি৷

কৰ্মশালাত সমল ব্যক্তি লনচিং ৰংপিয়ে সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰোতে দায়িত্বশীল আৰু সতৰ্ক হ'বলৈ পৰামৰ্শ আগবঢ়ায়৷ সংবাদ পৰিৱেশন কৰিবলৈ এজন যোগ্য সংবাদদাতা হ'বলৈ কি কি গুণৰ দৰকাৰ হয়, তাৰে ওপৰত ৰসাল আৰু তাৎপৰ্যপূৰ্ণ বাখ্যা আগবঢ়ায়৷

উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত পেইড নিউজ আৰু তথ্যভিত্তিক বাতৰি পৰিৱেশন কৰি যাতে বিপদত পৰিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অভিজ্ঞ সমল ব্যক্তিক জড়িত কৰি এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল।