গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান নেৰিডৰ উদ্যোগত আজি কৃষি প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ সজাগতা সভা তথা প্ৰশিক্ষণ শিবিৰত অসম ৰাজ্যিক বীজ প্রমাণিকৰণ আভিকৰণৰ সহকাৰী বীজ প্রমাণিকৰণ বিষয়া ভূপেন হাজৰিকাৰ লগতে বীজ উৎপাদন সমিতিৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷

নেৰিডৰ সম্পাদক ধ্রুৱজ্যোতি বড়াই আঁতধৰা সভাত কেইবাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ বীজ উৎপাদন সমিতি সমূহৰ প্রচেষ্টাত মাহ, সৰিয়হ, আলু, কবি, বিলাহীকে আদি কৰি সকলো শস্যৰ খেতি কৰাৰ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনায়৷

সভাত সেউজ বীজ উৎপাদন সমিতিৰ সভাপতি অনিল বড়াই সকলো কৃষকক পূণ্যোদ্যমে কাম কৰিবলৈ আহ্বান জনায়৷ সকলো ৰাইজৰ পূৰ্ণ সহযোগিতাত সকলো খেতি কৰিবলৈ খেতিয়ক সকলে সিদ্ধান্ত গ্রহণ কৰে আৰু কৃষি ক্ষেত্রত দেশক আগুৱাই নিয়াৰ দৃঢ় পদক্ষেপ গ্রহণ কৰে৷

 আইমণি, চিলাৰায় দিখৌ, ৰূপহী, অংকুৰণ, নৱ সূৰুজ, সেউজ, দুলীয়া, খৰাধৰা, মগলৌ, উদয় নামেৰে নামাকৰণ কৰি কৃষিৰ ক্ষেত্রত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্রয়াসেৰে নেৰিডে কাম কৰা পৰিলক্ষিত হৈছে৷

নেৰিডে কৃষক সমিতি কেইখনৰ জৰিয়তে ১০০ হেক্টৰৰো অধিক কৃষি ভূমিত শালি ধানৰ খেতি কৰাৰ পিছত এইবাৰ ৰবি শস্যৰ খেতি কৰিবৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ সভাত কৃষি বিষয়া ভূপেন হাজৰিকাই কৃষিৰ বিভিন্ন শিতান সন্দৰ্ভত কৃষক সকলক অৱগত কৰাৰ পাছত নেৰিড বে-চৰকাৰী সংস্থাৰ সভাপতি মুনীন কুমাৰ কলিতাৰ বহুমূলীয়া ভাষনেৰে সভাৰ সামৰণি পৰে৷