মেৰীকমৰ আশ্বাস চৰকাৰে বিচাৰিলে অসম পৰ্যটনৰ উত্তৰণৰ বাবে আলোচনা কৰিব

কাজিৰঙাঃ  বিশ্ব চেম্পিয়ন তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ মেৰী কমে প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে দেওবাৰে। হাতীৰ পিঠিত উঠি কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে মেৰী কম। 

কাজিৰঙাৰ বিলাসী ৰিজৰ্ট বৰগছত বাহৰ পাতি থকা মেৰী কমে দেওবাৰে পুৱাই বাগৰি বনাঞ্চলত উপস্থিত হৈ হাতীৰ পিঠিত উঠি কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ উপভোগ কৰি অভিভূত হৈ পৰে। পোনপ্ৰথম বাৰৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা মেৰী কমে কয় যে উত্তৰ পূৰ্বাঞ্চলত থাকিও ইমান দিনে কাজিৰঙাৰ গঁড় দেখাৰ পৰা বঞ্চিত হৈ আছিল। কাজিৰঙা বিশ্বৰ মানচিত্ৰত ইতিমধ্যেই নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰকাৰে যদি বিছাৰে তেন্তে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ উত্তৰণৰ বাবে তেওঁ চেষ্টা কৰিব। আনহাতে, পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাই সমগ্ৰ বিশ্বতে এক উল্লেখনীয় ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰি অসমৰ পৰ্যটন উদ্যোগটো কেনেদৰে আৰু আগুৱাই নিব পাৰে সেই বিষয়ে শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে বিশ্ব চেম্পিয়ন বক্সাৰ গৰাকীয়ে। 

আজি কাজিৰঙা বিশ্ববিদ্যালয়ত অসমৰ মুখ্যমন্ত্ৰীক লগ পাব বুলি উল্লেখ কৰি মেৰীকমে কয় যে মুখ্যমন্ত্ৰীয়ে অসমৰ পৰ্যটনৰ উত্তৰণৰ বাবে ক'লে তেওঁৰ কোনো আপত্তি নাই। ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ লগতে পদ্মশ্ৰী উপাধিৰে বিভূষিত মেৰী কমে আগন্তুক অলিম্পিক বাবে কঠোৰ অনুশীলন চলাই আছে বুলি উল্লেখ কৰে। তদুপৰি, আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বক্সিঙত ভাৰতলৈ মেডেল কঢ়িয়াই আনিবলৈ যৎপৰোনস্তি চেষ্টা কৰিব বুলিও উল্লেখ কৰে মেৰী কমে। 

স্বামীক লগত লৈ অতি সাধাৰণ ভাৱে কাজিৰঙাত উপস্থিত হোৱা মেৰী কমে ধিং এক্সপ্ৰেছ হিমা দাসক ভূয়সী প্ৰশংসা কৰি কয় যে হিমা খুৱেই ভাল এথেলিট। অনুশীলন অব্যাহত ৰাখিলে হিমা বহুদূৰ আগবাঢ়ি যাব পাৰিব বুলিও উল্লেখ কৰে বক্সাৰগৰাকীয়ে। 

ইপিনে, কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ প্ৰাকৃতিক পৰিৱেশক প্ৰশংসা কৰি মেৰী কমে ৰিজৰ্ট কৰ্তৃপক্ষই তেওঁলৈ দেখুওৱা আন্তৰিকতাৰ শলাগ লয়। উল্লেখযোগ্য যে, কাজিৰঙা বিশ্ববিদ্যালয়ৰ আতিথ্যত বিশ্ববিদ্যালয়খনিৰ এক অনুষ্ঠানত অংশ ল'বলৈ আহি ছয় বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা বক্সাৰ গৰাকী যোৱা নিশা উপস্থিত হৈছিল কাজিৰঙাত। 

ৰাত্ৰি যাপনৰ বাবে কাজিৰঙাৰ বৰগছ ৰিচৰ্টত উপস্থিত হোৱাৰ লগে-লগে ৰিচৰ্ট কৰ্তৃপক্ষই গামোচা প্ৰদান কৰাৰ লগতে বিভিন্ন উপহাৰেৰে সম্ভাষণ জনায়। আনহাতে আজি পুৱা মেৰী কমক কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যাটক সকলে নিচেই ওচৰৰ পৰা দেখা পাই আপ্লুত হৈ পৰে। উপস্থিত পৰ্যটকে মেৰী কমৰ সৈতে চেল্ফী উঠিবলৈ হেতা ওপৰা লগায়। কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ তৰফৰ পৰা কাজিৰঙাৰ ওপৰত লিখা প্ৰথমখন দ্বি-ভাষিক গ্ৰন্থ 'কাজিৰঙা গাইড' উপহাৰ দিয়ে। গ্ৰন্থখন পাই মেৰী কমক আপ্লুত হৈ পৰা পৰিলক্ষিত হয়। আনহাতে, মেৰী কমে ভোগালী বিহুৰ শুভেচ্ছা জনায় অসমবাসীক৷